পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
কৰ্ণপৰ্ব্ব।


এৰিবে পাণ্ডবে যুদ্ধ তুমি গৈলে বনে।
বিনা যুদ্ধে ৰাজ্য পাবে ৰাজা দুৰ্য্য়োধনে॥ ৩২৫
ভীম, ধনঞ্জয়, দুই মাদ্ৰীৰ কোঙৰ।
মোক দেখা দদা ময়ো তযু আজ্ঞাধৰ॥
শিখণ্ডী, পাঞ্চাল, যুযুধান আদি ৰণে।
প্ৰাণ উচৰ্গিয়া আছে তোমাৰ কাৰণে॥ ৩২৬
দ্বাদশ বৎসৰ অছিলাহা ঘোৰ বনে।
সি সব দুঃখক সবে পাহৰিলা মনে॥
গছৰ বাকলী পিন্ধি বনে যত দুখ।
তোমাৰ লগত সবে মানিলেকে সুখ॥ ৩২৭
আজি কেনে অৰ্জ্জুনক দিয়া মনে শোক।
মোহোৰ সপত দদা গৃহে চলিয়োক॥
ইহান নাহিকে দোষ চোৱা মনে গুণি।
অৰ্জ্জুনৰ প্ৰতিজ্ঞা আপুনি আছা শুনি॥ ৩২৮
সিকাৰণে নিন্দিলেক মোহোৰ বচনে।
অৰ্জ্জুনৰ দোষ দদা নধৰিবা মনে॥
তোমাৰ অৱস্থা দেখি বীৰ ধনঞ্জয়।
জীৱনত আশা চাৰি আছে মৃতপ্ৰায়॥ ৩২৯
অনেক প্ৰকাৰে বুজাইলন্ত নাৰায়ণ।
পাছে অল্প কৰি ৰজা বুলিলা বচন॥
মোহোৰ বচন শুনিয়োক যদুৰাজ।
নযাইবো শিবিৰে মোৰ ৰাজ্যে নাহি কাজ॥ ৩৩০