সমললৈ যাওক

পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কৰ্ণপৰ্ব্ব

পদ।

বিযয় বধ আৰু সহদেব যুধিষ্ঠিৰৰ পৰাজয় আৰু
অনেক যুদ্ধ।

আৰক্তনয়ন ভীম কোপে কম্পমান।
বাম হাতে ধৰিলা বিপুল ধনুখান॥
থাক থাক বুলি ভীমে গৰ্জ্জে ঘনে ঘনে।
বিজয়ে ধনুক ধৰিলেক তাৱক্ষণে॥ ১৮২
ভীমৰ হৃদয়ে বাণ চাৰিশ হানিলা।
চাৰি শৰ বিশোকক প্ৰহাৰ কৰিলা॥
ঈশ দণ্ড ধ্বজক হানিলা চাৰি শৰ।
আঠ শৰে ঘোৰাক টাড়িলা অনন্তৰ॥১৮৩
পুনৰপি ধনু ধৰি তোমাৰ তনয়।
আথাকে ভীমক লাগি শৰ বৰিষয়॥
শৰ পায়া বৃকোদৰ হাসে খল খলি।
ধনুত যুৰিলা আনি অৰ্দ্ধ চন্দ্ৰাৱলী॥ ১৮৪
লক্ষ কৰি হানিলেক বৃকোদৰ বীৰ।
কাটিলেক শিৰ ৰাজা তোমাৰ পুত্ৰৰ॥
কিৰিটী কুণ্ডলে শিৰ পৰম শোভন।
ভূমিত প্ৰকাশে যেন ৰবিৰ কিৰণ॥ ১৮৫