পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কৰ্ণবধ।


এতিক্ষনে তোৰ  নৃপতিৰ পাশে,
 অতি শীঘ্ৰে চলি পাস।
যাইবি তৎকাল, আসিবি সকাল,
 খুজি লুৰি যাক পাস॥
অঙ্গিকাৰ কৰি,  আছোহো পূৰ্ব্বত,
 গান্ধাৰীৰ পুত্ৰ শত।
একেশ্বৰে মই,  সবাকো বধিবো,
 মহাঘোৰ সমৰত॥ ১৮০
দুৰ্য্যোধন মই, উৰু ভঙ্গ কৰি,
 কৰিয়া গদা প্ৰহাৰ।
বামও ভৰিৰে,  মাথে লাঠি মাৰি,
 সুজিবো কৃষ্ণাৰ ধাৰ॥
এহি বুলি ভীমে,  দশন চোবাৱে,
 কৌৰৱক কোপমনে।
ভীমৰ ক্ৰোধক, কোনে সহিবেক,
 বোলে বিদ্যা পঞ্চাননে॥ ১৮১