সমললৈ যাওক

পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কৰ্ণবধ

হুয়োক বিজয়ী বাপু আজিকাৰ ৰণে।
এহি বুলি দিব্য মালা দিলা ৰঙ্গ মনে॥ ৯৪
জম্বুৰত্ন মণি গোট যেন দিবাকৰ।
পৰম আনন্দে গলে দিলা অৰ্জ্জুনৰ॥
প্ৰসাদক পায়া ধনঞ্জয় ৰঙ্গ ভৈলা।
অনন্তৰে দুয়ো যাই ৰথত চৰিলা॥ ৯৬
দ্ৰোপদীয়ে দেখিলা অৰ্জ্জুন আসিলন্ত।
আথেবেথে সতী সুমঙ্গল কৰিলন্ত॥
পূৰ্ণঘট থাপিলন্ত শুদ্ধ সুবৰ্ণৰ।
দিলা আমদালি আনি ঘটৰ ওপৰ॥ ৯৭
আলি পদূলিক সবে চন্দনে লিপিলা।
তাৰ ওপৰত নাৰিকল ফল দিলা॥
ঘটৰ ওপৰে দিলা সুবৰ্ণৰ মালা।
হাতে মালা ধৰিয়া ৰহিলা বৰবালা॥ ৯৮
অপশ্বিতা যতেক ব্ৰাহ্মণ কন্যাগণ।
উৰুলি জোকাৰ সবে দিলা ৰঙ্গমন॥
দুৰ্ব্বাক্ষত সিঞ্চলেক অৰ্জ্জুনৰ শিৰে।
হাতে মালা ধৰি সতী মাতে ধীৰে ধীৰে॥ ৯৯
যিটো সুমঙ্গলে দেৱে অসুৰ জিনিলা।
যিটো শুভক্ষণে মহাদেৱক তুষিলা॥
কাল কুঞ্জ নিপাট বধিলা যিটোক্ষণে।
সেহি শুভক্ষণ লৈয়ো আজুকাৰ ৰণে॥ ১০০