পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কৰ্ণপৰ্ব্ব।


বুলিলা বচন সবে নৃপতিক চাই।
ময়ো জানোঁ অৰ্জ্জুন সমান বীৰ নাই॥
তথাপিতো শঙ্কা মোৰ নুগুছয় মনে।
একেশ্বৰে ৰাধেয়ক যুজিবে অৰ্জ্জুনে॥ ৯০
দ্বৈৰথ যুদ্ধত আন নহিবে সহাই।
তুমি আমি সবে থাকিবোহোঁ ৰঙ্গ চাই॥
এহি বুলি মাধৱক বুলিলা বচন।
শুনিয়োক প্ৰভুদেৱ দৈৱকী নন্দন॥ ৯১
যুদ্ধৰ সময় হৈল উঠিয়ো সকালে।
পাৰ্থ সমম্বিতে চলি যাওক সকলে॥
ধৃষ্টদ্যুম্ন বীৰক বুলিলা যুধিষ্ঠীৰ।
ৰণ ধৰণীক চলি যায়ো মহাবীৰ॥ ৯২
কৰ্ণে পাতি আছে চতুৰ্পন্থ ব্যেহুখান।
অৰ্দ্ধচন্দ্ৰ ব্যেহু মোৰ কৰিও নিৰ্ম্মান॥
নৃপতিৰ বচন শুনিয়া মহাবলী।
ভীম সমম্বিতে দুয়োজন গৈলা চলি॥ ৯৩
ৰাজাত বিদাই লৈয়া গৈলা যত বীৰ।
মহাগৰ্ব্ব কৰে সবে চৰি ৰথোপৰ॥
কতো ৰথে, গজে কতো ৰথৰ ওপৰে।
অৰ্জ্জুনক চাহিয়া ৰহিলা বহিৰ্দ্বাৰে॥ ৯৪
কৃষ্ণ ধনঞ্জয় দুয়ো ৰাজাক নমিলা।
মাথে হাত দিয়া ধৰ্ম্মে আশীৰ্ব্বাদ দিলা॥