সমললৈ যাওক

পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
কৰ্ণবধ।


পুনৰ্ব্বাৰ গৈয়া সৰ্প কৰ্ণক কহিল।
নাপাইনু সন্ধান যোগ বিফল হইল॥
দুনাই বীৰ এৰা তুমি অগ্নিসম শৰ।
এইবাৰ কৰোঁ মই পাৰ্থক সংহাৰ॥ ৫৭০
যোগবলে সৰ্প গোট বাণ ৰূপ হৈল।
জানিয়া কৰ্ণৰ দৰ্প অৰ্জ্জুনে ধাইল॥
সংহাৰিতে আসে নাগ মাধৱে জানিল।
ডাক দিয়া অৰ্জ্জুনক শ্ৰীকৃষ্ণ কহিল॥ ৫৭১
সৰ্প গোটি আসে যেন দেখি লাগেভয়।
শীঘ্ৰ তাঙ্ক বীভৎসু কৰিও পৰাজয়॥
যুড়িলা ধনুত বীৰে আনি পঞ্চবাণ।
সৰ্পৰ শিৰক কাটি কৰই খান খান॥ ৫৭২
নাগ পৰাজয় দেখি জগতঈশ্বৰ।
ৰথখান উদ্ধাৰিলা কৰে অৰ্জ্জুনৰ॥
পুনৰ্ব্বাৰ বাধাসুতে হানিলেক বাণ।
পথতে কাটিল পাৰ্থ কৰি খান খান॥ ৫৭৩
নিজ বাণ প্ৰহাৰ কৰিল সব্যসাচী।
কৰ্ণৰ শৰীৰে শৰ মাৰে বাচি বাচি॥
গেৰু ধাৰা বহে যেন কৰ্ণৰ শৰীৰ।
শৰে বিন্ধি সৰ্ব্বগাৱে বহিছে ৰুধিৰ। ৫৭৪
মহাকোপে কৰ্ণৰ শৰীৰ কম্পমান।
বাচি বাচি লৈলা বীৰে ভল্ল দশবাণ॥