এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
কৰ্ণপৰ্ব্ব
কৰ্ণ বধ।
পদ। সঞ্জয়ত সোধে ধৃতৰাষ্ট্ৰ নৰেশ্বৰ।
আত অনন্তৰে কেন কৈলে কৰ্ণবীৰ॥
সঞ্জয় বদতি কথা শুনা কুৰুপতি।
যিমতে কৰিল যুদ্ধ কৰ্ণ সেনাপতি॥ ৫৬৫
সৰ্প বোলে শুনিয়োক কৰ্ণ ধনুদ্ধৰ।
যিমতে কৰিল পাৰ্থ মাতৃক সংহাৰ॥
গৈয়াছিল পাৰ্থ যেবে খাণ্ডব দহিতে।
পুৰি আছে মাতৃ মোৰ পাবক (১) সহিতে॥ ৫৬৬
এতবলি কৰে গতি লাগি আকাশক।
মনে ভাবে আজি মই মাৰোঁ অৰ্জ্জুনক॥
এলুয়া সময়ে কৰ্ণ পুৰিলা সন্ধান।
অৰ্জ্জুনক বধিতে এৰিলা দিব্য বাণ॥ ৫৬৭
মহা ধনুদ্ধৰ কৰ্ণ সকলে বাখানে।
হানিলেক পঞ্চবাণ আতি কোপমনে॥
আকাশে চলিল শৰ অগ্নিসম জ্বলে।
তাঙ্ক দেখি কৃষ্ণে ৰথ ভূমিত বহালে॥ ৫৬৮
সব্যসাচী নিবাৰিতে নপাৰিল শৰ।
মাথাৰ কিৰীটি কাটিলেক ফাল্গুণীৰ॥
কিৰীটিৰ শোভা গৈয়া উঠিল গগণে।
সে কিৰীটি দিয়াছিল সহস্ৰ লোচনে॥ ৫৬৯
১। জুই, অগ্নি ২। যুড়িলে।