পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কামিনীকান্তৰ চৰিত্ৰ
 

(সৰলাৰ উত্তৰ)

“প্ৰাণৰ অধিক,

 আপোনাৰ দুই খনী পত্ৰ পাইছোঁ। এই দাসীক যে ইমান দিনৰ মুৰত সোঁৱৰণ কৰিছা, ইয়াক জানিয়েই চিৰ বাধিত হলোঁ। মনত ভাবিছিলোঁ, আপুনি মোক একেবাৰে পাহৰি গলা যিকি নহউক মনত যে সুঁৱৰিছা, তাকেই বিশেষ ভাগ্য বুলি মানিলোঁ। দেখা, পতি বিনে দুঃখিনী বঙ্গালনী ৰমণীবিলাকৰ আৰু গতি নাই। তেন্তে যে আপোনাৰ ওচৰলৈ যাম, এই বিষয়ে আৰু সংশয় কি? আপুনি অনুগ্ৰহ কৰি যদি এই অধিনীলৈ দয়া কৰে, তেনে হলেই মোৰ পৰম ভাগ্য। আপোনাৰ দ্বিতীয় পত্ৰ খনি তিনি চাৰিবাৰ পাঠ কৰিলোঁ, আৰু সেই বিষয়ে অনেক চিন্তাও কৰিছোঁ। এক সত্য ধৰ্ম্ম যে আছে, তাকেই ভক্তি কৰা যে উচিত, তাক বিশ্বাস কৰোঁ। কিন্তু দেখা, সিমান বুদ্ধি নাই, আৰু তিমান- লৈ ভবাও নাই, কোন ধৰম যে, সত্য, তাকো কব নোৱাৰোঁ। “মৰিব যে লাগিব” লিখিছা, তাক জানো; কিন্তু মৰণৰ পাছে আকৌ আত্মা যে জীয়াই থাকিব, ইয়াক বুঝিব নোৱাৰিলোঁ। মৰি গলোঁ, দেখোঁ সকলো- এই শেষ হল, ইয়াক হলে জানো কিন্তু আপুনি লিখিছে যে মৃত্যুৰ পাছে অনন্ত কাল হয়, আৰু সুখেৰে নাইবা দুঃখেৰে বাস কৰিব লাগিব। লেখিছা যে, যদি ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ, তেনে হলে চিৰকাল সুখত থাকিম। ইয়াকো ভালকৈ বুঝিব নোৱাৰিলোঁ। ঈশ্বৰে কি আজ্ঞা দিছিল, তাক কেনেকৈ জানিম? কাক দিছিল, কেতিয়ানো দিছিল, তাক দেখোঁ কতা কেতিয়াও শুনা নাই। আৰু ঈশ্বৰেনো কিৰূপে আজ্ঞা দিব? তেওঁ দেখোঁ নিৰাকাৰ, তেওঁৰ শৰীৰ নাই, কোনেও কেতিয়াও তেওঁক দেখা নাই, ঈশ্বৰ আছে, এই মাত্ৰ শুনিছোঁ, কিন্তু তেওঁ কিৰূপ আছে, বা কৎ থাকে, বা কেনেকৈ নো আজ্ঞা দিএ এইবিলাক বুঝিব নোৱাৰিলোঁ। চিঠিৰ শেষত প্ৰাৰ্থনা কৰিবলৈ লেখিছা, প্ৰাৰ্থনা কি, কি প্ৰকাৰে কৰিব লাগে, তাকো নেজানোঁ। নৰেন্দ্ৰ বাবুক এই সকলো বিষয়ে সুধিবলৈ লাজ পাওঁ,