পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
২৫
 

পাছে তুমি একেবাৰে মোৰ ঘৰলৈ আহিব লাগিব; ময় তোমাক কলোঁ যে, তুমি যিমান দিন পিতৃৰ ঘৰত থাকিবা, সিমান দিন তুমি এই এই কাম কৰিব লাগিব; যদি কৰা, তেনে হলে তুমি যেতিয়া মোৰ ঘৰলৈ আহিবা, তেতিয়া ময় তোমাক সুখত ৰাখিম; যদি নকৰা, তেনেহলে ময় তোমাক দুঃখত ৰাখিম। সেই প্ৰকাৰে যি জনে আমি সকলোকে সৃষ্টি কৰিছে, তেওঁ কিছু আজ্ঞা দিছে, কেতেটী কৰ্ম্ম নিশ্চয় কৰি দিছে, আৰু কৈ দিছে, দেখা, তোমোলাকে যদি পৃথিবীত এই সকলো কাৰ্য্য কৰা, তেনেহলে মৰণৰ পাছে ময় তোমালোকক চিৰকাল সুখত ৰাখিম; কিন্তু যদি নকৰা, তেনেহলে অনন্তকাল দুঃখত ৰাখিম। এতিয়া অনুমান হয় বুঝিব পাৰিছাঁ? কিন্তু সুধিব পাৰ যে, অনন্তকাল সুখে বা দুঃখে থাকিম, তাক কি প্ৰকাৰে জানিব পৰা যায়? দেখা সৰলা তোমাৰো আত্মা আছে, তুমিও চিৰকাল জীয়াই থাকিব লাগিব, তেন্তে মুখত থাকিম, কি দুঃখত থাকিম, তাক এতিয়াই নিশ্চয় কৰা। অনন্তকাল সুখত থাকিম, তাৰ চেষ্টা কৰা কি তোমাৰ উচিত নহয় নে। এই কথা ভাবি ছোৱা, এই জীৱন কেই দিনৰ নিমিত্তে, আৰু এই জীৱনৰ সুখেই বা কেই দিনৰ কাৰণে? তেন্তে ইয়াৰ নিমিত্তে যদি আমি ইমান ব্যাকুল হওঁ তেন্তে অনন্ত সুখৰ কাৰণে কি আমাৰ সকলৰ আৰু অধিক ব্যাকুল হোৱা উচিত নহয় নে? অৱশ্যে যে উচিত, তাক তুমি স্বীকাৰ কৰিবা; তোমাত পূৰ্ব্বেই কৈছোঁ, তোমাক যি জনাই ভ্ৰমন কৰিছে, সেই তোমাৰ পিতৃ পৰম ঈশ্বৰৰ সাহায্য যাচ্ঞা কৰা তেওঁৰ আগত প্ৰাৰ্থনা কৰা, যি সত্য, তাকেই জানিবলৈ তেওঁ তোমাক যেন শক্তি দিএ। সৰলা, তুমি অনেক পুথি আদি পঢ়িছা, তোমাক অধিক কোৱা ভাৱশ্যক নাই, এই নিমিত্তে ইয়াকে মাথোন কৈছে যে ধৰ্ম্মৰ বিষয়ে বিচাৰ কৰা পৰকালৰ বিষয়েও চিন্তা কৰা, অনন্তকাল যিহতে সুখে থাকিবা, সেই বিষয়ে কাৰ বাৰী হোৱা।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।”