পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
২৩
 

অনুসাৰে খণ্ডন কৰি দিম। তাত বাঝেও এখনি ধৰম পুথি পঠিয়াই দিম, তাক নৰেন্দ্ৰৰ ঘৰত থবা, আৰু তালৈ আহি তুমি আৰু হেমাঙ্গী দুইয়ো পাঠ কৰিবা। দেখা মানুহলৈ ভয় নকৰিবা; যিহতে পিতৃ পৰম ঈশ্বৰ সন্তোষ থাকে, তাকেই কৰা সকলো ভাৱে তোমাৰ উচিত।

 নৰেন্দ্ৰ আৰু তোমাৰ প্ৰিয় সখী মোৰ সহোদৰ সদৃস, হেমাঙ্গীৰ চেষ্টাত তোমালৈ এই পত্ৰ লেখিবলৈ শক্তি পোৱা হৈছোঁ। সেই কাৰণে সিবিলাকে সৈতে চিৰবাধিত থাকিলোঁ। তোমাৰ পিতৃ, মাতৃ, কমল আৰু অম্বিকা কেনে থাকে, লৈখিবা। চিঠি লিখিবলৈ লাজ পোৱা নহব।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।”


অষ্টম অধ্যায়।
দ্বিতীয় পত্ৰ।

“প্ৰিয়ত্তমা সৰলা,

 মোৰ প্ৰথম পত্ৰত তোমালৈ লিখিছিলো যে, খ্ৰীষ্ট ধৰ্ম্মৰ মুঠ ভাগ তোমাক বুঝাম। কিন্তু তাক কৰিবৰ আগেয়ে দুই চাৰি কথা কোৱা উচিত বোধ কৰি তাকে লিখিছোঁ। যি কিছু বুঝিব নোৱাৰিবা, তাক নৰেন্দ্ৰত হুধিলেই তেওঁ আনন্দিত হৈ বুঝাই দিব।

 আমাৰ সকলোৰে প্ৰতি জনৰেই ধৰ্ম্ম বিষয়ে বিচাৰ কৰা সকলো ভাৱে উচিত। যেতিয়া জনমিছোঁ, তেতিয়া মৰিব লাগিব; মৃত্যুৰ হাতৰ পৰা পলায়ন কৰিবলৈ আমি কোনেও নোৱাৰিম; কিন্তু কেতিয়া যে মৃত্যু হম, তাক আমি নেজানোঁ। মৃত্যুৰ পাছে আমাৰ সকলৰ চিন্তা কৰিবৰ আৰু সময় নহব; এই হেতুকে এই পৃথিবী পৰিত্যাগ কৰাৰ পূৰ্ব্বে পৰকালৰ বিষয়ে আমাৰ সকলোৰে থিৰ কৰা উচিত। দেখা, মানুহৰ যে কেৱল শৰীৰ আছে, এনে নহয়; শৰীৰৰ বাঝেও মানুহৰ