পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কামিনাকাত্তৰ চৰিত্ৰ
 

আত্মা আছে। সেই আত্মা নো কি, তাক বুঝা সহজ নহয়, তাক দেখিব বা পৰ্শ কৰিব পৰা নেযায়; সেইয়ে কোনো পদাৰ্থ নহয়। কিন্তু প্ৰত্যেক মানুহৰ ভিতৰত আত্মা আছে, সেই আত্মা অমৰ, অৰ্থাৎ তাৰ মৰণ নাই। আমাৰ সকলৰ যি শৰীৰ, বিনাশ হব, কিন্তু সেই আত্মাৰ বিনাশ নাই; মৰণৰ সময়ত এই শৰীৰ পড়ি থাকিব, বিনষ্ট হব, কিন্তু সেই আত্মা নমৰিব; সি তাৰ সৃষ্টিকৰ্ত্তা অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ চলি যাব আৰু তাতে চিৰকাল বাস কৰিব। কিন্তু সেই আত্মা যে তাত বাস কৰিব, সি কি ৰূপ অৱস্থাত বাস কৰিব? দেখা কেৱল দুই প্ৰকাৰ অৱস্থা হব পাৰে, সুখৰ নাইবা; দুঃখৰ; হয় চিৰকাল সুখত বা চিৰকাল দুঃখত বাস কৰিব। সৰলা, দুঃখত থাকিবলৈ কোনে খোজে? দেখা, এই পৃথিবীত অলপ দিন জীম, তথাপি এই কেইদিন সুখে থাকিবলৈ আমি কিমান চেষ্টা কৰো। কিহেৰে সুখে থাকিম, কলৈ গলে সুখ পাম, দিনে ৰাতিএ এইয়েই আমাৰ সকলৰ চিন্তা, আৰু চেষ্টা। তেন্তে যদি কিছু দিনৰ নিমিত্তে সুখে থাকিবলৈ আমি ইমান কাৰবাৰী হওঁ, তেনে হলে চিৰকাল সুখে থাকিবলৈ জানো আমি স্কুলে আৰু অধিক কাৰবাৰী হোৱা উচিত নহয় নে? কিন্তু দুঃখৰ বিষয় যে এই সম্বন্ধে আমি নিশ্চয় মন নকৰো, এই বিষয়ে আমি অনেক সময়ত পাহৰিও চিন্তা নকৰোঁ। কিন্তু সৰলা, যি লিখিলোঁ বোধ কৰোঁ, তাৰ পৰা তুমি বুঝিব পাৰিবা যে, এই বিষয়ে অবহেলা কৰা আমাৰ সকলৰ কেতিয়াও উচিত নহয়। এই বিষয়ে এতিয়া অৱহেলা কৰিলে আমাৰ সকলোৰে অনন্ত বিপদত পতিত হোৱা হব। সেই নিমিত্তে সৰলা, তোমাক মিনতি কৰি কৈছো, যেন এই বিষয়ে চিন্তা কৰিবা৷ কেৱল সংসাৰৰ সুখৰ আমোদ আমোদত উন্মত্ত নহৈ যিহতে তোমাৰ অমৰ শত্মা চিৰকাল সুখে থাকিব পাৰে, যিহতে তোমাৰ অনন্ত দুঃখ ভোগ কৰিবলৈ নহব, সেই বিষয়ে চিন্তা কৰিবা। কিন্তু শুধিব পাৰা, অনন্ত কাল দুঃখে থাকিম, বা সুখে থাকিম, তাক কি প্ৰকাৰে জানিব পাৰা যায়? দেখা, তোমাক এটী উপমাৰে বুঝাই দিওঁ; তুমি এতিয়া তোমাৰ পিতৃৰ ঘৰত আছা, কিন্তু জানা যে, কিছু দিনৰ