পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় সৰ্গ।
⸺·×·⸺
(কলি)

কিয় পখি! কি কাৰণে
“কুউ কুউ কৰি ঘনে
বিৰহিনী তিৰুতাৰ দহিছ অন্তৰ
কোনেনো শিকালে তোক
এনে বিষময় মাত?
অভাগিনী ৰমণীক কৰিলি জৰ্জ্জৰ
মই অতি অভাগিনী,
বহু কাল বিৰহিনী,
পৰাণৰ স্বামী, মোৰ নাই যে ঘৰত
কিয় কুউ কুউ কৰি
জুলালি পৰাণ মোৰ?
দয়া মায়া তোৰ, কুলি নাইনে মনত?
লগত মলয়া সখী
পালেহি বসন্ত পখি
দেখি মোৰ ঘনে ঘনে জ্বলিছে পৰাণ
তয়ো তাতে ‘কু’ কৰি