পৃষ্ঠা:কনফুচিয়াছ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
কনফুচিয়াছ

আশা কৰে তেন্তে আপোনালোক সফলকাম নহব। যদি আপোনালোকে মই কোৱামতে কৰে তেন্তে ইয়াৰ সুফল নিশ্চয় পাব।”

 কনফুচিয়াছৰ পৰা এনে নিৰ্দ্দেশ আৰু প্ৰেৰণা পাই তেওঁৰ বাণীকে সাৰোগত কৰি বিষয়াসকলে নিৰ্দিষ্ট কৰ্ত্তব্য পালনত আত্মনিয়োগ কৰিলে আৰু লগে লগে দেশৰ পৰিবেশ পৰিস্ফুট ভাৱে পৰিবৰ্ত্তন হবলৈ আৰম্ভ কৰিলে। অতি কম সময়ৰ ভিতৰতে লু প্ৰদেশৰ জনসাধাৰণৰ মনত এটা অপূৰ্ব্ব জাগৰণৰ জোৱাৰ উঠিল আৰু দেশৰ সৌষ্ঠৱ সমৃদ্ধি উত্তৰোত্তৰ ভাবে বৃদ্ধি পাবলৈ ধৰিলে।

 কনফুচিয়াছে লু প্ৰদেশৰ মন্ত্ৰীত্বপদ গ্ৰহণ কৰাৰ দুই বছৰ কাল পাৰ নৌহওঁতেই প্ৰায় সকলোবিলাক কাৰাগাৰ শূন্য হৈ পৰিল। ‘বিদ্যালয়বিলাক পূৰ্ণ কৰা, কাৰাগাৰবোৰ খালি হৈ পৰিব’ এই প্ৰবচনৰ সাৰ্থকতা কনফুচিয়াছে ৰাজনৈতিক জীৱনত পৰিষ্কাৰ ভাবে প্ৰতিপন্ন কৰিছিল। কনফুচিয়াছৰ আচনিমতে বিষয়াসকলে কাম কৰিবলৈ লাগি যোৱাত তেওঁৰ পৰিকল্পনাই বাস্তৱ ৰূপ পালে। মানুহৰ কুকৰ্ম্মৰ প্ৰবৃত্তি নিয়ন্ত্ৰিত হ’ল আৰু লগে লগে বিচাৰালয়ত গোচৰৰ সংখ্যা একেবাৰেই কমি গ’ল। মানুহ পৰস্পৰৰ প্ৰতি সহানুভূতিশীল হ’ল আৰু কাৰো বিৰুদ্ধে কোনোৱে গোচৰ উপস্থাপিত নকৰা হ’ল। এনে পৰিস্থিতিত আদালতবোৰত বিচাৰকসকলৰ কৰিব লগীয়া একো নাথাকিল। গোচৰৰ অভাবত উকীলবিলাকৰো