পৃষ্ঠা:কনফুচিয়াছ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কনফুচিয়াছ

কাম নোহোৱা হ’ল। গোচৰেই নাই যেতিয়া উকীলসকলে কাৰ পক্ষলৈ ওকালতি কৰিব? কাৰাগাৰত কয়দী নোহোৱা হলত জেইলৰ বা কয়দী ৰক্ষকবিলাকৰো কৰিব লগীয়া একো নাথাকিল। মানুহে পৰৰ অপকাৰ নকৰা হলত গোচৰ নোহোৱা হ’ল। গোচৰ নোহোৱা হলত বিচাৰ আৰু বিচাৰত দোষীৰ দণ্ডবিধানো নোহোৱা হ’ল। গতিকে দোষী লোক নথকাত কাৰাগাৰ শূন্য হৈ পৰিল। চুৰি, ডকাইতি, শঠ প্ৰবঞ্চনা আদি দুকৰ্ম্ম লু প্ৰদেশত নোহোৱা হ’ল। মানুহ প্ৰকৃততে সৎ আৰু উপাৰ্জ্জনক্ষম হ’ল আৰু ভাল বেয়া, উচিত গৰ্হিত বিচাৰ কৰি চলিব পৰা জ্ঞান পালে। কনফুচিয়াছে পৰিকল্পনা কৰা মতে লু আদৰ্শ ৰাজ্যত পৰিণত হ’ল।

 গ্ৰীক দাৰ্শনিক প্লেটোৰ পৰিকল্পিত আদৰ্শ ৰাজ্যৰ লগত কনফুচিয়াছৰ আচনিৰ বহুত মিল আছে। কিন্তু কনফুচিয়াছৰ দৰে প্লেটোৱে ৰাজনৈতিক জীৱনত সক্ৰিয়ভাবে তেওঁৰ আচনিৰ কাৰ্য্যকাৰিতা পৰীক্ষা কৰি চাবলৈ সুযোগ নাপালে। প্লেটোৰ পৰিকল্পনা আদৰ্শ বা লক্ষ্য হিচাবেই থাকিল কিন্তু কনফুচিয়াছে নিজে দেশ শাসনৰ বাঘজৰী হাতত লৈ তেওঁৰ পৰিকল্পনাৰ বাস্তৱৰূপ দি আদৰ্শৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

 প্ৰায় আঢ়ৈহাজাৰ বছৰৰ আগতে চীনদেশত কনফুচিয়াছে প্ৰবৰ্ত্তন কৰা সংস্কাৰবিলাকৰ ভিতৰত কিছুমান আজিৰ দিনত আচৰিত ভাবে আধুনিক যেন লাগে। তাৰ কিছুমান সঁচাকৈয়ে কুৰি শতিকাত প্ৰচলিত সামাজিক ভাবধাৰাতকৈ অধিক