পৃষ্ঠা:কনফুচিয়াছ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
কনফুচিয়াছ

কৰিছে। কনফুচিয়াছৰ প্ৰবৰ্ত্তিত এই অদৃষ্টবাদে বা নিয়ন্ত্ৰণবাদে আজিও চীনাসকলৰ মাজত পূৰ্ব্ব-সংস্কাৰ হিচাবে প্ৰভাৱ বিস্তাৰ কৰি আছে। প্ৰকৃতিৰ সকলো বস্তুৱেই পূৰ্ব্বনিৰ্দিষ্ট বা পূৰ্ব্বনিয়ন্ত্ৰিত ভাবে নিজ নিজ কাম কৰে। সংসাৰৰ প্ৰাণী আৰু বস্তুবিলাকৰ মাজত থকা সম্বন্ধও পূৰ্ব্বনিৰ্দিষ্ট। এতেকে মানুহে এই সম্বন্ধক সন্মান কৰি ৰক্ষা কৰিব লাগে। এই সম্বন্ধ অটুট ৰাখি নিজ নিজ কৰ্ত্তব্য কৰি গলেই মানুহে নৈতিকতা ৰক্ষা কৰিব পাৰে। তেওঁৰ লিখাত এঠাইত পোৱা যায় “আকাশ ওপৰত, মৰত তলত; বলী নিৰ্ব্বলীৰ সম্বন্ধ দিয়াই আছে। উচ্চ-নীচৰ ক্ৰান্তি পূৰ্ব্বনিৰ্দিষ্ট। গতি আৰু স্থিতি নিয়ম মতেই চলে। জাতি হিচাবেই বস্তুবোৰ আমি পাও; গতিকে ব্যক্তিক জাতি নিয়ন্ত্ৰণ কৰে। আকাশতো বহুত দেখো, সেইবিলাকৰো গতি, বিবৰ্ত্তনসকলো নিয়ন্ত্ৰিত।” এনে মত অৱশ্যে আগৰ পৰাই প্ৰবৰ্ত্তিত তাওবাদতো পোৱা যায়। কনফুচিয়াছেও ইয়াত ‘তাও’বা পন্থাৰ শিক্ষাকেহে কৈছে।

 বস্তুবিলাকৰ মাজত থকা সম্বন্ধ আৰু মানুহৰ পৰস্পৰৰ ওপৰত সম্বন্ধই নিৰ্ণয় কৰি দিয়া আচৰণ সকলোৱে মানি চলিব লাগে। এই সম্বন্ধ আৰু সম্বন্ধই নিৰ্নীত কৰা আচৰণবিলাক বহুকালৰ পৰা চলি আহিছে আৰু তাৰ একো একোটা শব্দ বা নামেৰে প্ৰকাশ কৰা হয়। প্ৰত্যেক সম্বন্ধই একোটা ধাৰণা বা ভাবত পৰিণত হৈছে। “বস্তু আৰু প্ৰাণীৰ মাজত থকা সম্বন্ধ পূৰ্ব্বে স্বৰ্গত নিয়ন্ত্ৰিত হৈছে আৰু তাৰে পৰাই অতীজৰ