একো দিবলৈ নাই। চীনৰ সংস্কৃতি বা ঐতিহ্যকে মাথো তেওঁ প্ৰচাৰ কৰিছিল। এতেকে এনে ধৰণৰ তাত্ত্বিক প্ৰশ্নবিলাকৰো নতুন সমিধান দিবলৈ একো নাছিল কাৰণেই তেওঁ মৌনতা অবলম্বন কৰিছিল। আনপিনে চীনা দৰ্শনৰ বৈশিষ্ট্যই হৈছে বাস্তবমুখী বা জাগতিক দৃষ্টি সম্পন্ন। এতেকে কনফুচিয়াছে ব্যৱহাৰিক জগতৰ সমস্যা আৰু তাৰ সমাধানতে বেচি গুৰুত্ব দিছিল আৰু অতীন্দ্ৰিয় পাৰলৌকিক জগতৰ আলোচনাত মনোনিবেশ কৰা নাছিল।
কনফুচিয়াছে যে এই জগত-অতিৰিক্ত বিষয়ৰ চিন্তা কৰা নাছিল তেনে নহয়। কিন্তু সেই বিষয়ে তেওঁ কোনো নিজা মতবাদ প্ৰচাৰ কৰা নাছিল। হয়তো তেওঁ প্ৰচলিত তথ্যবিলাকেই মানি লৈছিল বা নিজে কোনো নতুন তথ্যত উপনীত হব পৰা নাছিল। তথাপি কনফুচিয়াছৰ বাণীসমূহৰ পৰা দুই এটা দাৰ্শনিক তথ্য পোৱা যায়। মানুহৰ নৈতিক জীৱনৰ অন্তৰালত বিশ্বনীতি অবদানৰ সন্দৰ্ভত কনফুচিয়াছে এনে দাৰ্শনিক মতৰ উক্তি কৰিছিল।
কনফুচিয়াছৰ মতে এই বিশ্বৰ অন্তৰালত দুটা শক্তি নিহিত আছে। এই শক্তি দুটা হল ইয়াং (yang) আৰু য়ীন (yin)। এই দুই শক্তিৰ সংঘাততেই বিশ্বৰ সৃষ্টি। এই দুই শক্তিৰ ভিতৰত ইয়াং হল পুৰুষ আৰু য়ীন হল স্ত্ৰী শক্তি। এই দ্বৈত শক্তিৰ সংযোগত বিশ্বৰ ক্ৰমবিকাশ। এই দ্বৈতবাদে কনফুচিয়াছৰ দৰ্শনত একপ্ৰকাৰ নিয়ন্ত্ৰণবাদ বা অদৃষ্টবাদ প্ৰবৰ্ত্তন