পৃষ্ঠা:একুৰি এটা গল্প.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আত্ম-অভিমান

 নতুন কইনাই কিমান সতৰ্কতাৰে চলিব লাগে বাৰু? যিমানখিনি সতৰ্কতাৰে চলিব লাগে সিমানখিনি সতৰ্কতাৰে চলাৰ পাছতো যে ক'ৰবাত খুঁত ওলায় তাক পাছতহে গম পালো। ন-কইনা হৈ থাকোতেই এদিন পুৱা জলপান দিয়াৰ পৰত মোৰ স্বামীৰ সৈতে শহুৰৰ সাধাৰণ কথা এটা লৈ কথাৰ কটাকটি হৈছিল। কাৰণটো কি আছিল মই পাহৰিলো যদিও সেয়া নিতান্তই যে সাধাৰণ কৰাহে আছিল— সেয়া মোৰ মনত আছে। খোৱাৰ পৰত অশান্তি লাগিল আৰু শহুৰক ক'ব নোৱাৰি স্বামীকেই কলো—‘হ’ল আৰু দিয়া। সাধাৰণ কথা এটাতে কিমাননো ফেচফেচাই থাকা’? মই কথাষাৰ কোৱাৰ পাছত দুয়ো শান্ত হৈছিল আৰু ময়ো ঘৰৰ আন কামত ধৰিলো। এইখিনিতে কৈ থওঁ যে মোৰ বিয়া মই ঠিক কৰামতে হৈছিল। অৰ্থাৎ আমি ভালপাই বিয়া হৈছিলো। শহুৰৰ ঘৰ গাঁৱত আছিল যদিও মোৰ মানুহজনক মই পূৰ্বতে পোৱাৰ দৰে এজন বন্ধুৰ ৰূপতে পাব বিচাৰিছিলো; যিটো এই গাঁৱলীয়া পৰিৱেশত মুঠেও সম্ভৱ নাছিল আৰু বোধকৰো মোৰ স্বামীও এই বিষয়ত সিমান আগ্ৰহী নাছিল।

 যি কি নহওক, পুৱাই সংঘটিত হোৱা ঘটনাটোৰ দিনাই আবেলি তেওঁ ক'ৰবালৈ যাবলৈ ওলাই কাপোৰ পিন্ধিছিল। ঘৰখনত বেছি মানুহ নাই যদিও মই তেওঁক বিচৰামতে সেইদিনা কাষত নাপাইছিলো। দিনটোৰ সৰহখিনি সময়ে তেওঁ ঘৰৰ বাহিৰত থাকিছিল আৰু ঘৰত থকা সময়খিনিও তেওঁ ঘৰৰ আন আন মানুহখিনিৰ ওচৰতে কটাইছিল। তেওঁক ক'বলগীয়া বিশেষ কথা এটা ক’বলৈকে মই সুযোগ পোৱা নাছিলো। তেওঁ ক'ৰবালৈ যাবলৈ ওলোৱা দেখি মই অতি আগ্ৰহেৰে সুধিলো—‘কলৈ যোৱানো?’ কাপোৰ পিন্ধাৰ সময়খিনিয়ে মাথোঁ তেওঁ আমাৰ কোঠাত থাকিব। এইখিনি সময়তে কিবা অলপ কথা হ'ব পাৰো নেকি— এই আশাতে মই কথাষাৰ সুধিছিলো। তেওঁ ঘৰত থাকি মোৰ ওচৰত নাথাকিলেও তেওঁযে মোৰ আশে-পাশেই ক'ৰবাত সোঁ-শৰীৰে উপস্থিত আছে—এই কথাটোৰে মোৰ মনটো ভৰাই ৰাখিছিল। তেওঁক মই সঁচাকৈয়ে বৰ ভাল পাইছিলো। অনবৰতেই যেন তেওঁৰ কথা শুনি থাকিম, তেওঁৰ ওচৰে ওচৰেই থাকিম! সেয়া মোৰ কেনেধৰণৰ ভালপোৱা আছিল মই কাকো বুজাব নোৱাৰো। কিন্তু মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ যিযাৰ কথা ক'লে, শুনি মোৰ এনে লাগিল যেন কৰবাত বোমা ফুটি মোৰ নিচেই আপোন কোনোবা এজন ঢুকাল আৰু মই তাৰ খবৰহে শুনিলো।