পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহীৰূহ

 খবৰটো বিয়পি পৰিবলৈ বেছি সময় নালাগিল। সকলোৰে মনত এক চেপা কৌতূহল। সকলোৱে ঘটনা সম্পৰ্কে নিজ নিজ অভিমত ব্যক্ত কৰি ঘটনাৰ সম্ভাব্য কাৰণ সম্পৰ্কে বিভিন্ন আলোচনা কৰিবলৈ ধৰিলে। কৌতুহলপূৰ্ণ আলোচনা যিমানেই চলিছে, সকলোৱে কিন্তু মানুহজনৰ প্ৰতি ইস্ ইস্‌-আস্ আস্ কৰি ইয়াৰ বাবে উদ্ধৰ্তন মহলেই যে দায়ী সেয়া নিশ্চিত কৰিছে। অৱশ্যে অতি বেছি অনুসন্ধিৎসু দুই-এজনে মানুহজনৰ নিজৰো কিছু দুৰ্বলতা থাকিব পাৰে বুলি অভিমত ব্যক্ত কৰিব ধৰিলেই ওচৰতে থকাজনৰ প্ৰবল আপত্তি আৰু ধমকনিত তেওঁৰো মুখৰ মাত বন্ধ হৈছে। অঞ্চলটোৰ প্ৰত্যেকৰে প্ৰগাঢ় বিশ্বাস আৰু শ্ৰদ্ধাৰ পাত্ৰ মানুহজনৰ প্ৰতি কোনেও অসন্মানজনক একো ক'ব নিবিচাৰে। এয়াই সমাজৰ মূল্যবোধ। এই মূল্যবোধ যিমান দিনলৈ থাকিব প্ৰদীপ শালৈৰ দৰে মানুহ সমাজত বৰ্তি থাকিব। কিন্তু বৰ্তমান সকলোৰে মনত প্ৰশ্ন —তেওঁ এই সিদ্ধান্ত, তাকো তেওঁৰ অৱসৰৰ আগমুহূৰ্তত কিয় ল’লে?

 প্ৰদীপ শালৈ। অঞ্চলটোৰ অতি জনপ্ৰিয় আৰু সন্মানীয় ব্যক্তি। এখন নিজে আৰম্ভ কৰা হাইস্কুলৰ শিক্ষক। কোনোবা এখন নৈপৰীয়া ঠাইৰ মানুহজনে গৰাখহনীয়াৰ অত্যাচাৰত উঠি আহি এই অঞ্চলটোত থিতাপি লৈছিল। সেই সময়ত অঞ্চলটোত স্কুল-কলেজ আদি নাছিল। শিক্ষিত মানুহজনে আগ্ৰহী ল'ৰা-ছোৱালী কিছুমানক দৈনন্দিন পঢ়ুৱাবলৈ লয়। বিনা পাৰিশ্ৰমিকেৰে শিক্ষাদান কৰি অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰাৰ কথা অঞ্চলটোৰ নেতৃস্থানীয় লোকৰ কাণতো পৰিলগৈ। ঠাইখনত প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে আন স্কুল নাছিলেই, সেয়ে শালৈৰ উদ্যমত ৰাইজৰ সহযোগত আৰু নেতাসকলৰ কৃপাৰ সমিলমিল প্ৰচেষ্টাত পাছৰ বছৰতে এখন স্কুল ঘৰ নিৰ্মাণ কৰা হ'ল। প্ৰথমে ২৫ জন ছাত্ৰ-ছাত্ৰী। আৰু শিক্ষক শালৈৰে আৰম্ভ কৰা স্কুলখনৰ পাছৰ বছৰত চাৰিজন শিক্ষক আৰু ছাত্ৰৰো সংখ্যাধিক্য ঘটিল। এয়া আজিৰ পৰা প্ৰায় ৪০ বছৰৰ আগৰ কথা। প্ৰথমতে এজন আৰু পাছলৈ চাৰিজন শিক্ষকে বিনামূলীয়াকৈ শিক্ষাদান দি থকা স্কুলখনৰ সফল উন্নতিৰ ক্ৰমাগত ধাৰাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰী কৃপাত স্কুলখনে ৰাজকীয় স্বীকৃতি পালে। চৰকাৰী স্বীকৃতি পোৱাৰ পাছত ৰাইজৰ বহুতো অনুৰোধ উপেক্ষা কৰি চৰকাৰে অইন এজন লোকক হেডমাষ্টৰ নিয়োগ কৰিলে। ৰাইজৰ অসন্তুষ্টি