পৃষ্ঠা:একুৰি এটা গল্প.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২ • একুৰি এটা গল্প
 

মই আৰু মই হৈ থকা নাছিলো। মূৰৰ ওপৰৰ আকাশখন নোহাৱা হৈ গৈছিল। বাটে বাটে ঘূৰি ঘূৰি কেৱল ‘মই কম্পিউটাৰ ইঞ্জিনিয়াৰ, মোক এটা চাকৰি দিবনে? বুলি সুধি সুধি ভাগৰি পৰিলো। আত্মীয় কুটুম্বৰ যাকে যাকে মনত পৰিছিল, সকলোৰে ওচৰলৈ গৈ কেইটামান দিন থাকি জীৱনটো থান-থিত লগাওঁ বুলি ভাবিলেও ‘আজিকালিৰ যুগত গলগ্ৰহ চপাই লৈ মৰিব নোৱাৰো বুলি কোনোবাই এৰাতি, কোনোবাই এবেলা ৰাখি এসাজ খুৱাই এৰি দিলে। মই কাকো দোষ নিদিওঁ। সকলো অৱস্থাৰ দাস। মই যেনেদৰে ভুগি আছো, তেনেদৰে নিজৰ নিজৰ সমস্যাত সকলো ভুগি আছে। মই মৰি যাবও নোখোজো। মই জীয়াই থাকিলে মোৰ মা-দেউতা জীয়াই থাকিব। মই তেওঁলোকৰ আশাক জীপ দিব খোজো। যোৱা দুটা বছৰে মই কেৱল ঘূৰিয়েই কটালো। কেতিয়াবা স্কুলঘৰৰ বাৰাণ্ডাত, কেতিয়াবা ফুটপাথত, কেতিয়াবা কোনো মন্দিৰত...। থাকিবলৈ ঠাইৰ অভাৱ নাই যদিও খাদ্যৰ অভাৱে মোক বৰ কষ্ট দিছিল। কেতিয়াবা মন্দিৰ প্ৰসাদ আৰু কেতিয়াবা কোনো হোটেলৰ টেবুল চাফা কৰি দিয়াৰ বাবদ এখন বা দুখন ৰুটি— এয়ে আছিল মোৰ খাদ্য। হোটেলত নিগাজিকৈ থাকিবলৈ মোৰ চেহেৰাটো বোলে ‘হোটেল বয়’ৰ দৰে নহয়! মই ক’তো মোৰ চেহেৰা অথবা কথা-বতৰা পাৰ ধৰণটোৰ বাবে নিম্নখাপৰ কাম নাপালো। উচ্চ পৰ্যায়ৰ কিবা কাম পাবলৈ মোৰ কোনো চুপাৰিশৱালা নাই। মাজতে কেইদিনমান আগতে টিভিৰ দোকান এখনত চলি থকা টিভিৰ পৰ্দাত এজন মানুহে কোনোবা নেতা এজনৰ গালৈ জোতা দলিওৱাৰ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিয়া আৰু আগলৈ এনে কাৰ্য কৰাজনক কঠোৰ শাস্তি দিব বুলি ঘোষণা কৰা দেখিবলৈ পাইছিলো। তেতিয়াই মোৰ মূৰত কথাটো খেলাই গ’ল। মই চুৰি, ডকাইতি, হত্যাকাণ্ড বা বিস্ফোৰণ ঘটাব নোৱাৰো। সেয়ে এই কাম কৰিলো। আপুনি মন কৰক হে মহামান্য আদালত, সেই জোতাপাট মোৰ ভৰিৰ জোখৰ নহয় আৰু সেইপাট বৰ পুৰণিও নহয়। মা-দেউতা মৰা দিন। ধৰি মই জোতা পিন্ধি পোৱাই নাই। জোতাপাট অৱশ্যে ময়েই দলিয়াইছিলো আৰু মই জানিছিলো যে এই অপৰাধৰ বাবে অন্ততঃ মোক শাস্তি স্বৰূপে জে’ল দিবই। হে মহাশয়, কাৰাবাস মোৰ একান্ত কাম্য; কাৰণ মোক প্ৰয়োজন ভৱিষ্যতক পুনৰাই শৃংখলাবদ্ধ কৰিবলৈ পৰিকল্পনা কৰাৰ বাবে এক নিৰ্জন পৰিৱেশৰ। মই ধ্বংস হৈ যাব নোখোজো। নিজকে পুনৰাই পৃথিৱীত যোগ্যৰূপত গঢ়ি তুলিব খোজো। আশাকৰো, দয়ালু মহাশয়ে মোক এইখিনি কৃপা কৰিব!

 অভিযুক্তৰ বক্তব্য শেষ হোৱাৰ পাছত বিচাৰকক্ষত দখল কৰা নীৰৱতা ভাঙিবলৈ উপস্থিত কোনেও সাহ কৰা নাছিল।