পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধুৰ্য একেলগে পাব খুজিলে যেনেকৈ কালিদাসৰ ‘শকুন্তলা’ নাটকতে পাব পাৰি’ ⸺ তেনেকৈয়ে মিলিনিয়াৰৰ শীত - তাপ নিয়ন্ত্ৰিত প্ৰসাদ আৰু ছাকাছিগা ভিকহুৰ ৰ’দ বৰষুণ নিমন্ত্ৰিত উৰুথা পঁজা; পাহাৰ নৈৰ অপাৰ সৌন্দৰ্য আৰু বাট পথৰ অপাৰ কদৰ্য ৰূপ একেলগে চাব খুজিলে আমাৰ এই দেশতে চাব পাৰি। এনে এখন দেশত ‘লওঁ যেন পুনৰ জনম’ বুলি হেঁপাহ নকৰিমনে?

 তদুপৰি আমাৰ দেশত থকা দৰে ইমানবোৰ ‘টু ইন্‌ ওৱান্’ৰ সুবিধা অন্য দেশত পাব? এই ধৰক, ৰাজপথ cum নৈ, ফুট্‌ পাথ cum মাৰ্কেট, পাৰ্ক cum লণ্ড্ৰী; অফিচ cum গচিপ্‌ ফ্লৰ এইবোৰ! ইয়াৰ উপৰিও ফুটপাথৰ ‘নেন হ’ল’ বিলাক প্ৰকৃতাৰ্থতে ‘মানুহৰ বাবে গাঁত।’ ইয়াৰ মুখ বিলাক সৰহ ভাগেই মুকলি ৰখা হয় — য’ত ফুটপাথেদি গৈ থকা একোজন মানুহ মুহূৰ্ত্ততে অন্তৰ্দ্ধান হৈ যাব পাৰে। মুহূৰ্ত্ততে সুস্থ মানুহ এজন তাত সোমাই জীৱনলৈ পঙ্গু হৈ ওলাই আহিব পাৰে। মুহূৰ্ত্ততে জীৱিত মানুহ এজনক তাৰ তলৰ পৰা বুটলি লৈয়ে মৃত বুলি ঘোষণা কৰি দিব পাৰে। মেজিক্‌ মেজিক্ লগা এইবোৰ কাণ্ড অন্য দেশৰ চহৰত আছেনে? আৰু আমোদজনক এই চহৰৰ ৰাজপথ। বৰষুণ দিলেই ৰাজপথৰ ওপৰেৰে গাড়ী ৰিক্সা বা বাছত উঠি নৈত নাৱত যোৱা দি গৈ থাকিব পাৰে বা ইঞ্জিন লগোৱা ফেৰিত যোৱাদি পানী ভাঙি ভাঙি গৈ থাকিব পাৰে। ৰ'দৰ দিনবোৰত আক’ 'ওখোৰা মোখাৰা বাটবোৰৰ ওপৰেৰে বাছ- ৰিক্সা - গাড়ীত হালি জালি, জপিয়াই থেকেছা খাই নানা লয় লাসে গৈ থাকিব লাগে। এনে ছন্দোময় গতি আন দেশৰ ৰাজপথত পাব? মৰিলে পুনৰ আহি এই দেশতে জনম ল'বলৈ নিবিচাৰিম কিয়?

 সকলোতকৈ আনন্দ আৰু গৌৰৱ আমাৰ দেশৰ চেকুলাৰিজিম্। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলিয়েই ⸺ এইবোলে বিহু, দূৰ্গা পূজা, এই

বোলে ঈদ্‌, এইবোলে খ্ৰিষ্টমাছ, গুৰু নানকৰ জন্ম দিন, দ্বিপান্বিতা,

( ৬২ )