পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পত্নীক লিখিবলৈ প্ৰেৰণা যোগায়। নিজে কৰিব পৰা খিনি নিজে কৰি পত্নীক পঢ়া - শুনাৰ বাবে সময় উলিয়াই দিয়াৰ উপৰি লাগতীয়াল কিতাপ - আলোচনী কিনি আনি দিয়ে। লিখাবোৰৰ ভাল শ্ৰোতা হয়। গঠনমূলক সমালোচনাৰে উৎসাহ দিয়ে। সাহিত্য সভা বা আলোচনা চক্ৰলৈ নিজে লৈ যায় বা যোৱাৰ ব্যৱস্থা কৰি দিয়ে। এই বিবেচক পুৰুষ সকলে বুজে ⸺ প্ৰতিভা লুকাই নাথাকে। জন্মগত প্ৰতিভাক জোৰকৈ হেঁচি ৰখা পাপ। পত্নীৰ সাফল্যতা তেওঁৰো গৌৰৱ। যেনেকৈ স্বামীৰ প্ৰতিটো কামতে পত্নী গৰাকীয়ে বহুতো ত্যাগ কৰি অন্তঃকৰণেৰে প্ৰেৰণা আৰু সহায় আগবঢ়ায় তেনেকৈয়ে পত্নীৰ প্ৰতিভা বিকাশত উৎসাহ উদ্দীপনা যোগোৱা স্বামীৰ কৰ্ত্তব্য।

 কথা হ'ল — কেইগৰাকী ভাগ্যৱতী মহিলাৰ ক্ষেত্ৰত এনে পুৰুষ মিলে? যেতিয়া মহিলাৰ প্ৰতিভাক সন্মান কৰিব জনা, লেখা - মেলাৰ বাবে ঘৰত অনুকূল পৰিবেশ সৃষ্টি কৰিব জনা, মহিলাৰ জ্ঞান পিপাসু অনুভুতিক সচাকৈয়ে শ্ৰদ্ধাৰে চাব জনা পুৰুষৰ সংখ্যা সৰহ হ'ব, তেতিয়াই নোবেল বঁটা বিজয়ী হোৱা, জ্ঞানপীঠ বঁটা বিজয়ী হোৱা, সাহিত্য সভাৰ সভানেত্ৰী হোৱা, সাহিত্য একাদেমী পুৰস্কাৰেৰে পুৰস্কৃত হোৱা মহিলাৰ সংখ্যাও সৰহ হ’ব। তেতিয়া লিখিবলৈ লেখিকাৰ আৰু কোনো সমস্যাই নাথাকিব।

 

লওঁ যেন পুনৰ জনম

 

 মৰিলে পুনৰ আহি এই দুখীয়া দেশতে আমাৰ পুনৰ জনম লোৱাৰ হেঁপাহ। হেঁপাহ নহব কিয় বাৰু?•••••••••• ‘বসন্ত কালৰ ফুল আৰু শৰত কালৰ ফল, স্বৰ্গৰ সৌন্দৰ্য আৰু মৰ্ত্ত্যৰ

( ৬১ )