পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেয়ে চকুৰ আগতে ব্যৱসায়ীয়ে দুই নম্বৰ কাৰবাৰ কৰা দেখিলেও উপঢৌকন লোৱা ভাৰপ্ৰাপ্ত বিষয়া সকলৰ ধৰাৰ সাহস নাথাকে। ‘হেৰিয়াৰ ঘৰৰ হেৰি লৈছিলা’ বুলি কৈ নিদিব জানো? অবৈধ ভাৱে মদৰ বেপাৰ কৰা জনক ধৰিবলৈ গৈ যদি - জুৱাৰীজনক জুৱা খেলৰ পৰা আঁতৰাই আনিবলৈ গৈ যদি - ধৰিবলৈ যোৱা জনেই দুয়োবিধতে লিপ্ত হয়, কোনে কাক ধৰিব? ধৰিবলৈ গ'লেই অবৈধ ব্যৱসায়ীয়ে তেওঁক ‘হেৰিয়াৰ ঘৰৰ হেৰি আনিছিলা’ বুলি ভাবুকি নিদিব জানো? ক’লা বেপাৰীৰ, দুৰ্নীতি-দুস্কৃতিৰ অবাধ ৰাজত্ব সেই কাৰণেই। সেই কাৰণেই তদন্ত কমিটি বহে— নুঠে আৰু'। উঠিলেই ৰিপোৰ্ট দিবলৈ বহুত ভাবিব চিন্তিব লাগিব। তদন্তত পোৱাটোকে দিলে দেখিব - ‘হেৰিয়াৰ ঘৰৰ হেৰি আনিছিলা’ই তদন্ত কৰিবলৈ যোৱা , জনলৈকে খেদিব। বেজৰ নাকত খৰে খালে কি কৰিব?

 দৰাচলতে এই ‘হেৰিয়াৰ ঘৰৰ হেৰি’ৰ ভয়তেই চাগে ৰঙা ফিটাৰ মেৰ পাকবোৰ হয়। সংবিধানত স্পষ্ট থকা স্বত্ত্বেও বিদেশীক খেদোৱা ইমান সমস্যা হয়। বিদেশী নো কোনবোৰ চিনি নোপোৱা হ'বলগীয়া হয়। বিদেশীৰ সোঁত অহা শুনিও নুশুনাৰ ভাও ধৰিবলগীয়া হয়। বিদেশীয়ে বৰ ঘৰৰ বৰপীৰাত বহি থকা দেখিও নেদেখা ভাও জুৰিবলগীয়া হয়। কাৰণ বিদেশীক খেদিবলৈ গলেই বিদেশীয়ে দালালক্‌ ক’ব হেৰিয়াৰ দিনা হেৰি লৈছিলা— দালালক ধৰিবলৈ গ'লে দালালে সংলিষ্ট বিষয়াক ক'ব ‘হেৰিয়াৰ পৰা হেৰি লৈছিল৷' বিষয়াক ধৰিবলৈ গ'লেও তেওঁলোকে সেই সময়ৰ বিধায়ক, মন্ত্ৰী, মন্ত্ৰণাদাতা সকলক ক’ব ‘হেৰিয়াৰ ঘৰৰ হেৰি লৈছিলা'। গতিকে পাণ-বাঘ-ছাগলীৰ দৰে সকলো একেডাল ৰছীতে বন্ধা। কাকো কোনেও এৰাৰ উপায় নাই।

(২১)