পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঈশ্বৰলৈ অভিযোগ
 

হেৰিয়াক যদি  কৈ দিওঁ গই
 এতিয়াই লৈ যাব বান্ধি!!

........শুনি দাঙ্ খাই অহা চোৰ গিৰিয়েক কম ভয়ত ভেছ্‌- ভেছীয়া হৈ গৈছিল নে? সেপ ঢুকি মনে মনে সহি থাকিব লগা নহৈছিল নে? বেচেৰাক ঘৈণীয়েকে এইদৰে নকৈ যদি — ‘অমুকৰ ঘৰৰ পৰা চুৰ কৰি অনা সৰু হাঁহজনীৰ গাত মঙহেই নাই, হাড়ে ছালেহে লোট সোট। পুলিচে বাহিৰত হাঁহ চোৰ বিচাৰিয়ে ফুৰিছে, কৈ দিলেই এতিয়াই তোমাক বান্ধি লৈ যাব, বুলি যদি কৈ দিলেহেঁতেন বেচেৰা চোৰটোৱে ইমান বেচি ভয় নিশ্চয় নাখালেহেঁতেন। ইমান বাৰ ‘হেৰি’ ‘হেৰি’ বুলি গোটেই পৰিবেশটো ভয়লগা কৰি দিয়াত ‘পুলিচ’ ‘হাঁহ’ এই শব্দবোৰ উচ্চাৰণ কৰা বাদেই ভাবিবলৈকে ছাগে ভয় লাগি গ'ল। বেচেৰাক ঘৈণীয়েকে এনেকৈ কোৱাৰ কাৰণো আছে। একেবাৰতে কৈ দিলে ভয়টো একেবাৰতে খাই শেষ হৈ যাব যে!! এনেকৈ সম্পূৰ্ণ কৈ নিদি মাজে মাজে কৈ ভয় খুৱাই ‘ব্লেক মেইল’ কৰাৰ সুযোগটো সেই চোৰৰ ঘৈণীয়েকে যেনেকৈ লৈছিল—আজি- কালিও ছাগে আন বহুতে লয়।

 আয় চাই ব্যয় নকৰি যিবোৰ স্বামীয়ে টকা-পয়ছা-পিন্ধা– উৰা লাহ-বিলাহৰ ওৱাদানীকে আভিজাত্য বুলি ভাবে আৰু তাৰে সমাজত প্ৰতিযোগিতা কৰিবলৈ যায়, পত্নীৰ বিলাসীতাৰ প্ৰয়োজন পূৰাবলৈ গৈ সেই সকলে উপঢৌকন লয়। ল’ব লগা হয়। অপ্ৰয়োজনীয় অভাৱ যেতিয়া বাঢ়ি যায় – টকা খোৱাৰ মাত্ৰাও বাঢ়ি যায়। পত্নীক তেতিয়া বাধা দিবলৈ গ'লে ‘হেৰিয়াৰ পৰা হেৰি আনিছিলা’ বুলি কৈ দিয়ে যদি!!

 যাৰ যাৰ পৰা টকা উপঢৌকন লোৱা হয় - তেওঁলোককো বৈধ অবৈধ সকলো কাম কৰি দিব লগা হয়, নহ'লে তেওঁলোকেও

‘হেৰিয়াৰ পৰা হেৰি লৈছিলা’ বুলি যদি বাতৰি কাগজে সমাজে শুনাকৈ ক'বলৈ ধৰে!! .

(২০)