পৃষ্ঠা:আৰ্হি-চৰিত.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি-চৰিত।

জনাজাত হল, তেতিয়া বৰগোহাঁই ডাঙ্গৰীয়া আৰু বিষয়া সক- লৰ যুক্তিমতে, স্বৰ্গদেৱে থাওৰুৰু বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ মৰাণ, গাভৰু ভাৰ্য্যাক তেওঁৰ পুত্ৰ দুটিৰে সৈতে তুলি আনি ৰাজনগ- ৰত যথা সম্মানেৰে বসতি কৰিবলৈ দিলে। তাৰ পাচত, ডাঙ্গ- ৰীয়াৰ বৰ পুতেক চাওফ্ৰংডাম গোহাঁইদেওক পিতৃৰ আসন দি বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ বাব দিয়া হ’ল; আৰু সৰু পুতেক কুন্কা‌ই গোহাঁইদেওক মৰাণৰ ওপৰত মৰাণ-ডেকাবৰুৱা পতা হল। তেতিয়াৰ পৰা বুঢ়াগোহাঁই ডাঙ্গৰীয়া আৰু মৰাণ- ডেকাবৰুৱা একেটা গুৰিৰ পৰা দুটা ডাল হৈ বাঢ়িবলৈ ধৰিলে।

 কুন্কা‌ই মৰাণ-ডেকাবৰুৱাৰ পৰা পাঁচ পুৰুষৰ অন্তৰত লাকু মৰান-ডেকাবৰুৱাই বৰপাত্ৰগোহাঁই ডাঙ্গৰীয়াৰ বাব পাই বুদ্ধিস্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ ৰাজত্বত ঘাইমন্ত্ৰী হৈছিল; আৰু তেওঁৰ ঠাইত তেওঁৰ পুতেক লাহো গগৈদেও মৰাণ-ডেকাবৰুৱা হয়।

 চুৰম্‌ফা স্বৰ্গদেৱৰ ৰাজত্বত বিখ্যাত মোমাইতামুলি বৰবৰুৱা স্বৰ্গীহোৱাত, লাহো মৰাণ-ডেকাৰৰুৱাক তেওঁৰ ঠাইত ৰৰবৰুৱা পতা হয়; আৰু লাহো বৰবৰুৱাৰ পুতেক ৰুপেশ্বৰ গগৈদেৱে মৰাণ-ডেকাবৰুৱাৰ বাব পায়। ৰূপেশ্বৰ মৰাণ-ডেকাবৰুৱাই চুৰম্‌ফা স্বৰ্গদেৱৰ পৰা চক্ৰধ্বজসিংহ স্বৰ্গদেৱৰ দিনলৈকে তিনিজনা ৰজাৰ ৰাজত্বত বিষয় খাই স্বৰ্গী হোৱাত, তেওঁৰ ঠাইত পুতেক দেবেৰা গগৈদেও মৰাণ-ডেকাবৰুৱা হয়।

 স্বৰ্গদেৱ উদয়াদিত্যৰ ৰাজত্বত দেবেৰা মৰাণ-ডেকাবৰুৱাই