পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬১)

বিভাগে অপৰাধীৰ বিৰুদ্ধে বিশেষ আদালতত গোচৰ দিব আৰু সেই আদালতৰ যোগে দোবীৰ শাস্তি হ'ব।

স্বাধীনতা আৰু সমতাৰ যোগে শান্তি স্থাপন

কংগ্ৰেছ চৰকাৰে স্বাধীন বৈদেশিক নীতি পৰিচালনা কৰা বুলি দাবী কৰে। কিন্তু দৰাচলতে কংগ্ৰেছ চৰকাৰৰ নীতি হ’ল অস্থিৰ নীতি-দুই শক্তি শিবিৰৰ মাজত থাকি ভাৰত চৰকাৰে এবাৰ ইটো শিবিৰৰ এবাৰ আনটোৰ পক্ষ লৈ চলি আহিছে।

আনহাতে আৰ্থিক আৰু সামাজিক ক্ষেত্ৰত বৰ্দ্ধমান অশান্তিৰ হেতুকে দেশৰ ভিতৰত দুই শিবিৰৰ অনুগামীৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে। স্বাধীনতাৰ চাৰিবছৰৰ পুঞ্জীভূত হতাশৰ ফলত আমাৰ দেশত তাকৰীয়া হলেও এক শ্ৰেণী মানুহে উদ্ধাৰৰ পথ বিচাৰি ৰুছীয়া বা আমেৰিকালৈ চাবলৈ ধৰিছে! ইয়াৰে সুবিধা লৈ দুই শক্তি শিবিৰে ভাৰতত শিপাবলৈ চেষ্টা কৰিছে।

আমেৰিকান শিবিৰ আৰু ৰুছ শিবিৰৰ বৈদেশিক নীতি বিৰুদ্ধে ঠিয় দিব পৰা সক্ৰিয় বৈদেশিক নীতি স্থিৰ কৰিব নোৱাৰাৰ বাবে ভাৰত চৰকাৰে দাবী কৰা “স্বাধীন” বৈদেশিক নীতিয়ে একো গুণ ধৰা নাই। ভাৰত চৰকাৰৰ এনে অকৃতকাৰ্য্যতাৰ ফলত এছিয়া আৰু আফ্ৰিকাৰ জনতাই