পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬২)

স্বাধীন ভাৰতৰ, পৰা যি আশা কৰিছিল সি পূৰ্ণ নহ'ল। ঐশ্বৰ্য্য আৰু দৈন্যৰ মাজত বিৰাট ব্যৱধান আৰু সামাজিক অন্যায় অবিচাৰে ভৰা সামন্তবাদ আৰু পুঁজিবাদ সমৰ্থনকাৰী ভাৰতৰ বৈদেশিক নীতিয়ে জনতাক কেতিয়াও উদ্বুদ্ধ কৰিব নোৱাৰে নাইবা এনে বৈদেশিক নীতিৰে বিশেষ কোনো কাম কৰিব নোৱাৰে। যেতিয়ালৈকে ভাৰতৰ ভিতৰত সৃজনীশক্তিৰ সৃষ্ট নহয় আৰু নতুন সমাজ ব্যৱস্থা স্থাপনৰ বাবে আগবঢ়া নহয় (যি নতুন সমাজব্যৱস্থাৰ কথা এই পুথিত কোৱা হৈছে) তেতিয়ালৈকে ভাৰতৰ বৈদেশিক নীতি শক্তিশালী নহয়। সমতা, স্বাধীনতা আৰু শান্তিৰ ভিত্তিত এখন জগত প্ৰতিষ্ঠা কৰাৰ বাবে ছ'চিয়েলিষ্ট পাৰ্টিয়ে চেস্টা কৰিব। তেনে জগতত কোনো এটা জাতিয়ে আন এটা জাতিৰ ওপৰত দমন বা শোষণ কৰিব নোৱাৰিব; তাত এফালে অতি দুখীয়া আৰু পিচপৰা দেশ থাকিব আৰু আনফালে আন এখন অতি ধনী আৰু উন্নত দেশ নাথাকিব, সেই জগতত ইটো জাতি আৰু সিটো জাতিৰ মাজত অস্পৃশ্যতা বা আন বাধাৰ প্ৰাচীৰ থাকিব নোৱাৰিব, তেনে জগতত যুদ্ধৰ কথা মানুহে পাহৰি যাব।

ৰুছীয়াৰ নেতৃত্বই হওক বা আমেৰিকাৰ নেতৃত্বই হওক কোনেও এনে এখন শান্তিৰ জগত স্থাপন কৰিব নোৱাৰে। ৰুছীয়াৰ নেতৃত্বত যিখন জগতৰ ধাৰণা কৰা হৈছে সেইখন জগত হ'ব মস্কোৰ পৰা শাসিত; তাত ৰুছীয়াৰ আদেশতে