পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬০)

হোৱা আলোচনাৰ পৰা কোন কৰ্ম্মচাৰী কিমান পটু, কাব কাৰ্য্যদক্ষতা বেচি আৰু কোনে বিশেষ শিক্ষা আদি পাব লাগে, তাক গম পোৱা হ'ব ।

আইন সভাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত ষ্টেণ্ডিং কমিটি থাকিব। যেই কোনো গুৰুত্বপূর্ণ বিষয়ত এই কমিটিবোৰে ৰাইজৰ মতামত ল’ব, চাকৰীয়াল আৰু যাইজৰ প্রতিনিধিক প্রশ্ন কৰিব, যাতে চৰকাৰী বিষয়া আৰু ৰাজহুৱা পৰামৰ্শ কমিটিৰ মাজত মতৰ অমিল নেথাকে ৷

প্রত্যেক বিষয়াকে কাম ভগাই দিয়া হ'ব আৰু সেইমতে প্রত্যেক বিষয়াজনে কাম আদায় কৰিব লাগিব। নিজৰ ভাগৰ কাম কোনে কিমান আদায় কৰিলে তাৰ পৰীক্ষা হ'ব। সেই পৰীক্ষাৰ ফল অনুযায়ীহে প্রমোচন আদি হ'ব৷

ঘোচখোৱা অৰু আত্মীয়-স্বজন তোষণ-আদি দুর্নীতি দমন কৰিবলৈ দুৰ্নীতিবিৰোধী বিভাগ থাকিব । যেই কোনো নাগৰিকেই এই বিভাগৰ আগত দুর্নীতিৰ গোচৰ দিব পাৰিব। তেনেদৰে গোচৰ আহিলে বা বিভাগৰ তৰফৰ পৰাও এই বিভাগে দুৰ্নীতৰ সকলো কথাত বিচাৰ আৰু অনুসন্ধান কৰিব । এই বিভাগে চৰকাৰী অফিচাৰক পবিত্র কৰিব পাৰিব আৰু সাক্ষী চমন দিব পাৰিব । সৰুসুৰা অপৰাধৰ ক্ষেত্ৰত দোষীজনক এই বিভাগেই যথাবিহিত চেজাই দিব । যদিহে অপৰাধ গুৰুতৰ হয় তেতিয়া সেই