পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪)

পাৰিব লাগিব। তাৰ বাবে লাগিব সমাজৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্ত্তন। সেই পৰিবৰ্ত্তন আনিব নোৱাৰিলে স্বাধীনতাৰ অৰ্থ নেথাকিব। আজি কংগ্ৰেছ ছৰকাৰে অৰ্থনৈতিক উন্নতিৰ বাবে কৰা সকলো যত্ন বিফল হৈছে কিয়? কাৰণ, কংগ্ৰেছ ছৰকাৰে সুবিধাভোগী শ্ৰেণীৰ বিৰুদ্ধে যাব খোজা নাই। ফলত ন্যস্তস্বাৰ্থ জড়িত শ্ৰেণীৰ স্বাৰ্থ অটুট হৈ আছে। আনহাতে জনতাৰ সকলো অভাৱ অপূৰণ হৈয়ে আছে, লগতে সকলো আশা-আকাঙ্খা চূৰমাৰ হৈ পৰিছে। ধনী-দুখীয়াৰ মাজৰ বৈষম্য অকল ৰৈ যোৱাই নাই, মহাযুদ্ধৰ পিছৰ ছোৱা কালত সেই বৈষম্য আৰু ব্যৱধান আৰু বহুতগুণে বাঢ়ি গৈছে। ধনীশ্ৰেণীৰ দহগুণে ধন বাঢ়িছে দুখীয়াৰ দুৰৱস্থা বাঢ়িছে। কংগ্ৰেছ ছৰকাৰৰ অৰ্থনীতি আৰু ৰাজহ-নীতিয়ে দুখীয়াৰ মূৰৰ বোজা বেছি গধুৰ কৰি তুলিছে। সামাজিক মুক্তিৰ হকে গ্ৰহণ কৰা ব্যৱস্থাবোৰো তেনেই দুৰ্বল আৰু উপৰুৱা বিধৰ। অস্পৃশ্য়তা নিষেধ কৰি আইন প্ৰণয়ন কৰা হৈছে সঁচা, কিন্তু অনুসূচিত সম্প্ৰদায় আৰু উপজাতিসকলৰ ওপৰত আৰ্থিক আৰু সামাজিক শোষণক অন্ত পেলাবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অকল জমিদাৰী প্ৰথাকে ৰক্ষা হৈছে এনে নহয়, তাৰ লগতে দাসত্ব প্ৰথাও চলি আছে। শ শ বছৰ ধৰি খেতিয়কৰ হাত-ভৰি বান্ধি থোৱা শিকলি এতিয়াও খহি পৰা নাই। জমিদাৰী উচ্ছেদৰ বাবে কৰা নিষ্ফল চেষ্টা, এবাৰ কণ্ট্ৰোল