পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৯
কলঙ্কৰ ভয়


প্ৰশংসা পাইছে, আন ফালে প্ৰতিমাৰ লগত সম্পৰ্ক ৰখাৰ বাবে তেনেকৈ বহুতৰ পৰা গৰিহণা ও পাইছে। মাধৱৰ কিন্তু সেইবোৰলৈ ভ্ৰূক্ষেপ নাই, প্ৰতিমাক তেওঁৰ মনোমতকৈ গঢ়ি তোলাই" তেওঁৰ উদ্দেশ্য। প্ৰতিমায়ো মাধৱৰ নিৰ্দ্দেশমতে দুগুণ উছাহেৰে কামত লাগি গৈছে। এনেকৈয়ে তিনি মাহ পাৰ হ'ল। লাহে লাহে প্ৰতিমাৰ প্ৰসৱৰ সময় ওচৰ চাপিল; মাধৱেও ঘনাই ভু-ভা লৈ থাকিবলৈ ধৰিলে। এদিন ৰাতি পুৱাওঁতেই প্ৰতিমাৰ প্ৰসৱ-বেদনা উপস্থিত হল। মাধৱে এজনী ধাই নিযুক্ত কৰিলে। কিন্তু গোটেই দিনটো অৱস্থা একেদৰেই থাকিল। গধূলিৰ পৰাই অৱস্থাই ক্ৰমশঃ বেয়াৰ ফাললৈ ঢাল লৈ জটিল আকাৰ ধাৰণ কৰিলে। মাধৱে, লেডি ডাক্তৰক আনি লগালে, কিন্তু বিশেষ চেষ্টা কৰিও তেওঁ একো কৰিব নোৱাৰিলে। দ্বিতীয় দিনা অৱস্থা আশঙ্কাজনক হৈ পৰিল। মাধৱে চিভিল চাৰ্জ্জনক আনিলে। কিন্তু তেৱোঁ অৱস্থাৰ একো উন্নতি কৰিব নোৱাৰিলে। শেহত সন্ধ্যা সময়ত প্ৰতিমাৰ অৱস্থা ইমান বেয়ালৈ আহিল যে চিভিল চাৰ্জ্জনেও ভয় খালে। তেওঁ ক'লে,-অস্ত্ৰ-প্ৰয়োগৰ বাহিৰে আৰু আন উপায় নাই? আৰু অপেক্ষা কৰিলে প্ৰসূতি নাবাঁচে।”
 অগত্যা অস্ত্ৰ-প্ৰয়োগ কৰাই স্থিৰ হ'ল। চিভিল চাৰ্জ্জনে কোট সোলোকাই, কামিজৰ হাত কোঁচাই, অস্ত্ৰ শোধন কৰি লৈ প্ৰতিমাৰ কাষ চাপিল। কিন্তু তেওঁ অস্ত্ৰ-প্ৰয়োগ কৰিব লগা নহ’ল; অস্ত্ৰ তুলি লওঁতেই প্ৰতিমাই এটি কন্যা সন্তান প্ৰসব