পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ত্ৰয়োদশ অধ্যায়।

-কলঙ্কৰ ভয়-

 সেৱা-সমিতি স্থাপন হব দিনাৰে পৰা মাধৱে তাক মনোমতকৈ গঢ়িবলৈ চেষ্টা কৰিছে, কিন্তু আশানুৰূপ হোৱা নাই। তাৰ প্ৰধান কাৰণ ধনৰ অভাব। বিশেষ ভাবে তিনি মাহ চেষ্টা কৰি তেওঁ দুহেজাৰ টকাকে গোট খুৱাব পৰা নাই। আন নালাগে সভাৰ থলীতে প্ৰতিশ্ৰুতি দিয়া সকলৰো বহুতে এতিয়ালৈকে এটা ফুটা কড়িও আদায় কৰা নাই। অৱশ্যে কাৰ্য্য়কাৰকসকল তাত হতাশ হোৱা নাই। তেওঁলোকে অৱস্থা অনুযায়ী ব্যৱস্থা কৰি কাম চলাই গৈছে। সমিতিৰ সুকীয়া কাৰ্য্য়ালয়, সেৱা-শিবিৰ বা অনাথ আশ্ৰম এতিয়াও হোৱা নাই। মাধৱৰ ঘৰতে কাৰ্য্য়ালয় পাতি কাম চলোৱা হৈছে। প্ৰায় ত্ৰিশজনমান স্বেচ্ছাসেৱকক শিক্ষা দিয়া হৈছে আৰু তেওঁলোকৰ দ্বাৰাই নানা ঠাইত সেৱা কাৰ্য্য চলোৱা হছে। সকলো সময়ৰ নিমিত্তে শিবিৰ পাতি স্বেচ্ছাসেৱক ৰখা সম্ভব হব নে নহয় এতিয়াও ঠিক কৈ ক'ব নোৱাৰি।
 মাধৱ এতিয়াও প্ৰতিমাৰ অভিভাবক হৈয়েই আছে। এফালে সেৱা-সমিতিৰ পৰিচালনাৰ বাবে মাধৱে যেনেকৈ