এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
প্ৰতিমাৰ চিঠি
মই তেওঁক সজ পথলৈ আনিও শেহলৈকে ৰক্ষা কৰিব
নোৱাৰিলোঁ।”
মালবিকা। নোৱাৰে বুলি মই আগেয়েই কৈছিলোঁ। আন
নালাগে, মহাত্মা গান্ধীৰ দৰে পুৰুষেই অশেষ চেষ্টা কৰিও, আন
কি, নিজৰ আশ্ৰয়ত ৰাখিও নীলা নাগিনীক সজ পথলৈ আনিব।
নোৱাৰিলে।
মাধৱ। মোৰ ইমান দিনৰ ভুল সংশোধন হ’ল। ইমান
দিনৰ মূৰত নতুন তথ্য এটাৰ আবিষ্কাৰ হ’ল।
অন্ত।