পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮
আবিষ্কাৰ


আমুৱালে আৰু তুমিও চলিব নোৱৰা হ'লা। সেয়ে নোহোৱা হ’লে তুমি মোৰ শাসনৰ বান্ধৰ পৰা মূৰ-পোলোকা দি নাতৰিলাহেতেন।
 প্ৰতিমাই মাত্ৰ এটা হুমুনিয়াহ কাঢ়িলে।
 ৰেলৰ সময় চমু চপাত ইমানতে তেওঁলোকৰ কথা-বতৰা শেষ হ’ল। মাধৱৰ ওচৰত বিদায় লৈ টেক্সি এখনত উঠি প্ৰতিমা ষ্টেচনলৈ গ’ল।