চতুৰ্বিংশ অধ্যায়।
—বিয়াৰ বন্দবস্ত-
মালবিকাৰ বয়স এতিয়া প্ৰায় কুৰি বছৰ। এই বয়সলৈকে
তেওঁৰ বিবাহৰ কোনো আয়োজন নোহোৱাটো বহুতৰ মনত
আচৰিত যেন লাগিব। লগাৰ কথাও। যি সমাজত গৌৰী-
দান কৰি পুণ্য অৰ্জ্জাৰ স্পৃহা অধিকভাগ লোকৰে আছে,
যি সমাজত ৰজোদৰ্শনৰ পূৰ্ব্বে ছোৱালীৰ বিয়া নহলে সাত
পুৰুষ নৰকলৈ যোৱাৰ বিভীষিকা আছে, যি সমাজত ছোৱালী
কুৰিতে বুঢ়ী হয় বুলি ধাৰণা আছে, তেনে সমাজত কুৰি বছৰীয়া
আবিয়ৈ ছোৱালী থকাটো সঁচাকৈয়ে নোহোৱা-নোপজা কথা।
মালবিকাৰ এতিয়ালৈকে বিয়া নোহোৱাৰ অন্যান্য কাৰণ
থাকিলেও প্ৰধান কাৰণ হৈছে তেওঁৰ জন্মগত। তেওঁৰ পিতাক
মহেশ্বৰ বৰুৱা যদিও জাতত বামুণ, তেওঁৰ মাক সত্যৱতী দেবী
কায়স্থ-কন্যা আছিল। সেই কাৰণে ব্ৰাহ্মণ পিতাৰ সন্তান
হ'লেও, অসবৰ্ণ বিবাহৰ পৰা উৎপন্ন হোৱা মহেশ্বৰৰ লৰা-
ছোৱালীকেইটাক সমাজে ব্ৰাহ্মণ বুলি স্বীকাৰ নকৰিছিল।
সেই কাৰণেই যদিও মালবিকাৰ ৰূপ-গুণত বহুতো মুগ্ধ হৈছিল,
তথাপি সমাজৰ বান্ধ ছিঙি, তেওঁৰ পাণিগ্ৰহণ কৰিবলৈ কোনো
উপযুক্ত প্ৰাৰ্থী আগ বঢ়া নাছিল। যি দুই-এজন আগ