মাধৱ। মই অৰ্থ কি উলিয়াম! ওলায়েই আছে। এই চোৱাঁ পৰ্ব্বতটো কিমান কঠিন! ক’তো একো নাই, আছে মাথোন প্ৰকাণ্ড প্ৰকাণ্ড শিল। যদি এই জুৰিটি নাথাকিল- হেতেন তেনেহ'লে এই গছ-লতা, এই ফল-ফুল একোৰে চিন নাপালাহেতেন। ইমান কঠিন শিলনিও এই জুৰিটিৰ স্পৰ্শত কোমল হৈ গৈছে। তাৰ ফলতেই প্ৰকৃতিৰ এই অতুল সম্পদ। ইয়াৰ পৰা বুজা যায়, কোমল-কঠিনৰ মিলনতেইহে সৃষ্টিৰ বিকাশ আৰু সৌন্দৰ্য্য। সকলো এক হ'লে এক বিকট সৃষ্টি থাকিলেও থাকিব পাৰে, কিন্তু সৌন্দৰ্য্য নাথাকে।
লাহে লাহে আন্ধাৰ বাঢ়ি আহিল। ছবিবিলাক ভালকৈ মনিব নোৱৰা হ'ল। মালৱিকাই কলে — “আৰু ভালকৈ দেখা নাযায়, বলক, চাকিৰ ওচৰত চাওঁগৈ।
মাধৱ। মোৰ চোৱা আছে, তুমিয়েই চোৱাঁগৈ।
মালৱিকা। মই অকলৈ চাব হে পাৰিম, ব্যাখ্যা কৰিব কোনে? আপুনি থাকিব লাগিব।
মাধৱ। মই থাকিব নোৱাৰোঁ, মোৰ আন কাম আছে। তুমি নিজে কি পাৰা অৰ্থ উলিয়াবা। যদি নোৱাৰা তেতিয়া বাৰু দেখা যাব।
এইদৰে কৈয়েই মাধৱ ফুলনিৰ পৰা ওলাই গ'ল। মাল- ৱিকাও ধীৰে ধীৰে ভিতৰ সোমাল।
⸻