পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ দৰ্শন

এই জুৰিটিৰ দুয়োপাৰে নানাবিধ গছ আৰু বনফুল। একা- বেঁকা গতিৰে জুৰিটি তললৈ নামিছে; পাৰ্ব্বত্য প্ৰাণীপুঞ্জক পানীৰ যোগান ধৰিছে।

 মালৱিকাই ক'লে — “সুন্দৰ প্ৰাকৃতিক দৃশ্য।”

 মাধৱ। সুন্দৰ, সন্দেহ নাই। তাৰ লগতে আৰু কিবা আছে

 মালৱিকা। কি?

 মাধৱ কোৱাঁচোন।

 মালৱিকা। কব নোৱাৰোঁ। দেখিহে সুধিছোঁ।

 মাধৱ। বাৰু ক'ম তেন্তে, কিন্তু বেচ লাগিব।

 মালৱিকা। কেই টকা?

 মাধৱ। টকা নহয়, গীত। গীত শুনাব লাগিব।

 মালৱিকা। নুশুনাকৈহে আছে!

 মাধৱ। শুনা বোৰ গ'ল। এতিয়া এই যে ছবিখন দেখিলা তাৰ ভাৱটো ফুটাই তুমি নিজে এটি গীত ৰচনা কৰি মোক শুনাব লাগিব।

 মালৱিকা। আও! ইমান ডাঙৰ কামৰ ভাৰ মই ল’ব নোৱাৰোঁ।

 মাধৱ। তেনেহ'লে ময়ো তোমাক এই ছবিৰ মৰ্ম্ম বুজাই দিব নোৱাৰোঁ।

 মালৱিকা। বাৰু পাৰোঁ নে নোৱাৰোঁ মই চেষ্টা কৰি চাম। এতিয়া আপুনি ছবিখনৰ কি অৰ্থ উলিয়াব খুজিছিল, উলিয়াওক।