পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭
চিঠিৰ উত্তৰ


নিজৰ কাৰ্য্য়ত গৰ্ব্ব অনুভব কৰিছিল সেইটো তেওঁৰ চিঠি প্ৰত্যেক শাৰীতে স্পষ্ট হৈ উঠিছিল।
 মাধৱে চিঠিখন পঢ়ি সম্ভবতঃ সন্তোষ নাপালে। অলপ পৰ গম্ভীৰ ভাবে থাকি তেওঁ তাৰ উত্তৰ লিখিবলৈ বহিল। এইখিনিতে কোৱা ভাল যে মাধৱে সকলো বিষয়তে অৱস্থা চাই ব্যৱস্থা কৰিবলৈ শিকা নাই। কথা-বতৰাতো শ্ৰোতাৰ সন্তোষলৈ লক্ষ্য ৰখা তেওঁৰ বৰ অভ্যাস নাই; সৰু লৰাৰ দৰে মনত যিটো খেলায়, আঁৰ-বেৰ নোহোৱাকৈ তাকে কৈ পেলায়। সেই কাৰণে বহুতে মাধৱক নিৰ্ব্বোধ বুলিয়েই ভাবে। প্ৰতিমাৰ চিঠিৰ উত্তৰত তেওঁ লিখিলে,-“তোমাৰ চিঠি পালোঁ। যদিও তুমি তোমাৰ কাৰ্য্য়ৰ বাবে বিশেষ গৰ্ব্বিতা, তথাপি মোৰ মতে এই গৰ্ব্ব পতনৰ পূৰ্ব্বলক্ষণ মাথোন। তোমাৰ ৰূপ আছে, যৌৱন আছে, কথা কোৱাৰ বিতোপন ভঙ্গী আছে; আৰু আছে সুললিত কণ্ঠস্বৰ। ইয়াৰ যেই সেই এটায়েই বহুতক মুগ্ধ কৰিব পাৰে, সকলোখিনিয়ে যে নানা জনক তোমাৰ ফাললৈ, আকৰ্ষণ কৰি আনিব তাত বিচিত্ৰতা একো নাই। তাতে প্ৰচাৰ পদ্ধতিৰ নতুনত্বও এই সাময়িক কৃতকাৰ্য্য়তাৰ এটা কাৰণ। এনেকুৱা উৎসাহ, উত্তেজনা সাধাৰণতে ধানখেৰৰ জুইৰ নিচিনা। জুইৰ স্পৰ্শ পালেই সি দপদপ কৰে জ্বলি উঠে; কিন্তু শেহত থাকে ছাই, ছাই, ছাই। যিবিলাক মানুহ এই আন্দোলনত আগৰে পৰা আছে, যিবিলাকে নিজে বিবেচনা কৰি নিজ কৰ্ম্মপন্থা অবলম্বন