পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৬
আবিষ্কাৰ


অসংখ্য নৰ-নাৰীয়ে বহুত দূৰৰে পৰা শোভা-যাত্ৰা কৰি আগ বঢ়াই নিছিল; তেওঁৰ বক্তৃতা মন দি শুনিছিল; আৰু শেহত জাকে জাকে মানুহ স্বেচ্ছা-সেৱক দলত ভুক্ত হৈছিল। বাতৰি কাকতবোৰে তেওঁৰ এই কৃতিত্ব ডাঙৰ ডাঙৰ আখৰেৰে ছপাই উলিয়াইছিল আৰু তেওঁৰ সুখ্যাতি ৰৈ বৈ গৈছিল। এই প্ৰশংসা আৰু আত্ম-গৌৰৱৰ মাজত প্ৰতিমাই নিজৰ ব্যক্তিত্বকো হেৰুৱাই পেলাইছিল।
 প্ৰতিমাই কংগ্ৰেচৰ কামত ঘূৰাৰ কিছু দিনৰ পাচতে গোলাঘাটত ঘৰ লৈছিল আৰু মাককো তালৈকে তুলি নিছিল। অৱশ্যে তেওঁ নিজে কেতিয়াবাহে তাত থাকিবলৈ পায়। প্ৰায়ে, নানা ঠাইত ঘূৰি ফুৰিব লগা হোৱাত কেতিয়াবা কোনোবা কেম্পত আৰু কেতিয়াবা কোনো মানুহৰ ঘৰত আলহী স্বৰূপে · থাকিব লগাত পৰে। ঘৰত মাক চাকৰ এটাৰে সৈতে থাকে।
 গোলাঘাটলৈ থিতি লৰোৱাৰ দুমাহমানৰ পাচত মাধৱে প্ৰতিমাৰ পৰা এখন দীঘলীয়া চিঠি পালে! তাত তেওঁ নিজৰ কৰ্ম্মতৎপৰতা, দলৰ কৃতকাৰ্য্য়তা, তেওঁৰ অভাবনীয় অভ্যৰ্থনা, আদিৰ বিস্তাৰিত বিবৰণ দিছিল। কিমান ডাঙৰ মানুহে তেওঁক সমাদৰ কৰে, কিমানে তেওঁক খাবলৈ নিমন্ত্ৰণ কৰে, কিমানে তেওঁক দেৱতা দেখা দি দেখে ইত্যাদি কথাৰ বৰ্ণনাও তাৰ পৰা বাদ পৰা নাছিল, বাতৰি কাকতবোৰে তেওঁৰ বিষয়ে কেনে প্ৰশংসাপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে তালৈকো মাধৱৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ এৰা নাছিল। মুঠতে প্ৰতিমাই যে