অষ্টাদশ অধ্যায়।
–চিঠিৰ উত্তৰ-
প্ৰতিমাই কংগ্ৰেচত যোগ দি নতুন উৎসাহেৰে কাম
কৰিবলৈ ধৰিলে। দিন নাই, ৰাতি নাই, খাৱন নাই, শোৱন।
নাই; মাত্ৰ কাম, কাম। প্ৰথমতে উগ্ৰসেন বৰুৱাই তেওঁৰ
লগত লৈ ফুৰাই কামৰ আওভাও বুজাই দিছিল। যেতিয়া
তেওঁ সকলো কাম নিজে চলাব পৰা হ'ল, তেতিয়া বৰুৱাই
লগত জনচেৰেক স্বেচ্ছাসেৱক দি কংগ্ৰেচৰ বাণী শুনাই স্বেচ্ছা-
সেৱক আৰু সেৱিকা সংগ্ৰহ কৰিবলৈ তেওঁক নিযুক্ত কৰিলে।
প্ৰতিমাই প্ৰথমতে গুৱাহাটীৰ ওচৰৰ ঠাইবিলাকত আৰু
লাহে লাহে অসমৰ নানা ঠাইত ঘূৰি স্বেচ্ছা-সেৱিকাৰ
সংখ্যা আশাতীতৰূপে বঢ়ালে। যিমানেই স্বেচ্ছা-সেৱিকা
বাঢ়িবলৈ ধৰিলে, বোধ কৰোঁ, তাৰ পৰাই প্ৰেৰণা পাই,
স্বেচ্ছা-সেৱকৰ সংখ্যাও বাঢ়িবলৈ ধৰিলে। এই দৰে দুমাহ-
মানৰ ভিতৰত তেওঁ স্বেচ্ছা-সেৱকৰ সংখ্যা ইমানলৈ বঢ়ালে
যে পুৰুষ প্ৰচাৰকৰ পক্ষে সি কেতিয়াও সম্ভব নহ'লহেতেন।
প্ৰতিমাৰ লগে লগে স্থানীয় নেতৃস্থানীয় লোকসকলৰো এদল
ঘূৰিছিল। তেওঁলোকে আগেয়ে ও প্ৰচাৰ কাৰ্য্য চলাইছিল,
কিন্তু তেতিয়া কোনো ঠাইতে ইমান সমাদৰ, ইমান অভ্যৰ্থনা
পোৱা নাছিল; ইমান মানুহে যোগ দিবলৈকো আগ্ৰহ
দেখুওৱা নাছিল। প্ৰতিমা য'লৈকে গৈছিল, তালৈকে