পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬
আবিষ্কাৰ

 মাধৱ।—শুনা,—এতিয়ালৈকে তোমাক অকল সাৰীকেহে পিন্ধা দেখিছোঁ, কিন্তু সি অসমীয়া সাজ নহয়। তুমি অসমীয়া ছোৱালী, ভবিষ্যতে কামো কৰিব লাগিব অসমীয়াৰ মাজত। সেই কাৰণে সাৰী বাদ দি এতিয়াৰ পৰা ৰিহা-মেখেলা পিন্ধিব লাগিব।
 প্ৰতিমা।—উপজিবৰে পৰা মই ৰিহা-মেখেলা পিন্ধি পোৱা নাই, ঘৰত নায়ো। এতিয়া নকৈ যোগাৰ কৰিলে হে হ'ব।  মাধৱ।— কৰিবা।
 প্ৰতিমা।— আৰু এটা কথা! মোৰ বাকচত বহুতো দামী দামী সাৰী আছে। নিপিন্ধিবৰ হ'লে সেইবোৰ কি কৰিম?
 মাধৱ।— সেইবোৰ কাৰবাক দি দিব পাৰা, নাইবা কাটি-কুটি আন কামত লগাব পাৰা। মুঠতে মোৰ কথা হৈছে এতিয়াৰ পৰা সেইবোৰ পিন্ধি সমাজত ওলাব নোৱাৰা।
 প্ৰতিমা।—সেইবোৰ নষ্ট কৰিলে বহুত টকা লোকচান হ’ব।
 মাধৱ।—তেনে লোকচান সহ্য কৰিব পৰাটোচৱেই হৈছে কৰ্ত্তব্য-নিষ্ঠা। সেই কাৰণেই খদ্দৰ প্ৰচলনৰ প্ৰতি ধাউতি জন্মাবলৈ মহাত্মা গান্ধীয়ে লাখ লাখ টকাৰ বিলাতী কাপোৰ অগ্নিত আহুতি দিছিল। মই অৱশ্যে তোমাক পুৰিবলৈ কোৱা নাই, কিন্তু সেইবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত হ'ব লাগিব।
 যদিও প্ৰতিমাৰ মন কোঁচ খাইছিল, তথাপি মাধৱৰ নিৰ্দ্দেশ মানি চলিবলৈ শেহত তেওঁ সম্মতি জনালে। মাধৱে আকৌ