পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
নাৰী-কল্যাণ-সমিতি


ক'লে,—“অকল সাজ-পাৰ পৰিবৰ্ত্তন কৰিলেই নহয়, সেইবোৰত যাতে বিলাসিতাৰ কোনো চিন-চাব নাথাকে তালৈকো লক্ষ্য। ৰাখিব লাগিব। খোৱা-লোৱা, পিন্ধা-উৰা, আলাপ-প্ৰলাপ সকলোতে সংযত হ'ব লাগিব। এইখিনি সংস্কাৰ সম্পূৰ্ণ হ'লেহে মই মোৰ উদ্দেশ্যৰ কথা ক'ম। তাৰ নিমিত্তে এমাহ সময় দিলো।”
 প্ৰতিমাই মাধৱৰ নিৰ্দ্দেশ পালন কৰাত মূৰ পুতি লাগিল। যদিও প্ৰথমতে তেওঁ কিছু আহুকাল বোধ কৰিছিল, তথাপি লাহে লাহে সি আঁতৰ হ’ল। মাধৱৰ মনোমতকৈ নিজক গঢ়ি তুলিবৰ নিমিত্তে তেতিয়া তেওঁৰ এটা ধাউতি জন্মিল আৰু সেই মতেই সকলো বিষয়তে আগ বাঢ়িবলৈ ধৰিলে। এতিয়া তেওঁৰ চেহেৰাত চঞ্চলতাৰ আভাস নাই, সাজ-পাৰত বিলাসিতা নাই, শয়ন-ভোজনত আড়ম্বৰ নাই। এনেকৈ এমাহ যোৱাৰ পাচত মাধৱে প্ৰতিমাক ক'লে,-“প্ৰতিমা! তোমাৰ কাৰ্য্য়ত মই সন্তোষ পাইছো। মোৰ দৃঢ় বিশ্বাস জন্মিছে তোমাৰ দ্বাৰাই মোৰ উদ্দেশ্য সফল হ'ব। সেই উদ্দেশ্য কি শুনা,- সৰুৰে পৰা মোৰ চকুত পৰিছিল আমাৰ সমাজৰ অনীতি, দুৰ্নীতি, কদাচাৰ আৰু ব্যভিচাৰ। ভাবিছিলোঁ এদিন সেইবোৰৰ সংস্কাৰ সাধিম; কুসংস্কাৰ, অন্ধবিশ্বাস, অজ্ঞতা আৰু অনাচাৰ আঁতৰাই সমাজক এক নতুন গঢ় দিম। মোৰ এই সংস্কাৰৰ আঁচনিত ঘাইকৈ ধৰা হৈছিল অস্পৃশ্যতা-নিবাৰণ, অনুন্নতৰ উন্নয়ন, শিক্ষা-প্ৰচাৰ, গাওঁ-সংগঠন, আৰ্ত্ত-সেৱ ৭