পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

চতুৰ্দ্দশ অধ্যায়।

—নাৰীকল্যাণ সমিতি—

 প্ৰতিমাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে ঘূৰি অহাৰ পাচত এদিন মাধৱে ক'লে, “প্ৰতিমা, তোমাৰ কাম-কাজ, আচাৰ-ব্যৱহাৰ, চলন- ফৰণ সকলোতে মই সন্তোষ পাইছোঁ। কিন্তু যি উদ্দেশ্য আগত ৰাখি মই তোমাৰ দায়িত্ব লৈছিলোঁ সেই বিষয়ে এতিয়াও তোমাক কোৱা নাই। এতিয়ালৈকে তোমাক যিবোৰ কাম কৰিবলৈ দিছোঁ সেইবোৰ পৰীক্ষামূলক হে। অলপতে তোমাক প্ৰকৃত কামৰ ভাৰ দিম বুলি ভাবিছোঁ।”
 প্ৰতিমা।- শক্তিৰ অতীত নহলে আপনি যি কৰিবলৈ দিয়ে তাকে কৰিবলৈ মই সাজু।
 মাধৱ। শক্তিৰ অতীত কাম নিশ্চয় নিদিওঁ। কিন্তু সেই কাম হাতত লোৱাৰ আগতে তোমাৰ নিজৰে কিছুমান সংস্কাৰৰ প্ৰয়োজন।
 মাধৱে কি ইঙ্গিত দিছে প্ৰতিমাই বুজিব নোৱাৰিলে; মাধৱৰ অসন্তোষজনক কিবা কাম কৰিছে নে নাই তাকে তেওঁ ভাবিবলৈ ধৰিলে। মুখত বিষাদৰ চিন দেখা গ'ল। তেওঁ লাহে লাহে ক'লে,-“কি সংস্কাৰৰ কথা কৈছে মই বুজা নাই।”