বিচ্ছেদৰ আশংকাত কপি উঠিছে হৃদয়। সেই একেই আশংকাত কঁপি উঠিছে অনুৰাগৰ হৃদয়....তাৰ সমগ্ৰ। কঠোৰ হ’ব খুজিও কঠোৰ হব পৰা নাই সি।
অমৃতাৰ চকুলোৱে তিয়াই গৈছে অনুৰাগৰ টি চাৰ্ট, পিঠি৷
হাতখনেৰে প্ৰচণ্ড ঘোচা এটা মাৰিছে সি ৱালত। যাৰ দুচকুত চকুলো সহ্য নহয়, সেই একেই চকুলো, দুখ, যন্ত্ৰণাৰ কাৰণ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সদায় সিয়েই হবলগীয়া হয়!!
কিয়? কিয়?
সেই তপত অশ্ৰুধলত গলিব ধৰিছে অনুৰাগৰ মুখৰ কঠিনতা, কঠোৰতা।
হাতৰ বেগখন নমাই থৈছে সি, আৱেগ উপচি পৰিছে ...ঘূৰি লৈ সাৱটি ধৰিছে সি তাইক, ...অমৃতাৰ থুঁতৰিত আলফুলে ধৰি মুখখনি তুলি লৈ অশ্ৰুসিক্ত চকুযুৰীত আঁকি দিছে দুটা চুমা। অনুৰাগৰ বহল বুকুত মুখখন গুজি দি আৰু জোৰেৰে সাৱটি ধৰিছে অমৃতাই অনুৰাগক...।
হঠাৎ সিদ্ধান্ত লৈ পেলাইছে অনুৰাগে।
অমৃতাক লগত লৈ যাব সি।
পিছ দুৱাৰেদি ওলাই আহিছে অনুৰাগ।
অনুৰাগৰ সোঁ হাতত উদ্যত ৰিভলভাৰ আৰু বাওঁ হাতৰ মুঠিত আৱদ্ধ অমৃতাৰ হাতখন।
অমৃতাৰ হাতত এখন গাঢ় নীলা ৰঙৰ বেগ।
বেগৰ ভিতৰত কিছু নিতান্তই প্ৰয়োজনীয় সামগ্ৰী. অনুৰাগ আৰু অমৃতাৰ।
দুৰু দুৰুকৈ কপিছে অমৃতাৰ বুকুখন।
ভয়ত নহয়... এক অনন্য আৱেগ, এক অনন্য অনুভূতিয়ে আৱৰি ধৰিছে তাইক।
একোলৈ ভয় লগা নাই তাইৰ আজি ... নাই একো শংকা। মাথো আৱেগত ঘন হৈ আহিছে শ্বাস-প্ৰশ্বাস। ৰোমাঞ্চিত হৈ উঠিছে সৰ্ব শৰীৰ।
অনুৰাগৰ হাতৰ মুঠিত আৱদ্ধ নিজৰ সোঁহাতখনলৈ বাৰে বাৰে চাইছে তাই হেঁপাহ পলুৱাই....
স্বয়ং মৃত্যুকো যে প্ৰত্যাহ্বান দিব পাৰিব তাই আজি!! অনুৰাগৰ অবিহনে অপ্ৰাপ্তিত মৰি মৰি জী থকাতকৈ অনুৰাগৰ লগত মৃত্যুয়েই প্ৰাপ্তি হব তাইৰ বাবে।
আকাশত তেতিয়া পূৰ্ণ জোনাক।
চৌহদৰ ওখ ওখ গছবোৰৰ পাতৰ আঁৰে আঁৰে জোনাক সৰি পৰিছেহি ধৰাৰ বুকুত...।
ওখ ৱালখনৰ তলৰ অন্ধকাৰৰ লগত মিলি খুপি খুপি আগবাঢ়িছে দুয়ো... মাজে মাজে ৱালত লিপিত খাই ধৰি থিয় হৈ ৰৈছে। সতৰ্ক হৈ ৰৈছে অনুৰাগ...।
গেটৰ বাহিৰত শত্ৰুৰ চঞ্চল গতি বিধি অনুমান কৰিব পাৰিছে সি।
হঠাতে এখন মটৰ চাইকেল আহি বিকত শব্দ কৰি ৰৈ গৈছেহি গেটৰ পৰা সামান্য দূৰত্বত।
মটৰ চাইকেলৰ চালকজন বহি ৰৈছে ...
আনজন আৰোহী হাতত বন্দুক লৈ নামি সোমাই আহিছে চৌহদৰ ভিতৰলৈ। বন্দুক লৈ নামি অহাজনে অলপ দূৰলৈ আগুৱাই গৈ এবাৰ ঘূৰি চাই মটৰ চাইকেল চালক জনক কিবা আকাৰে ইংগিতে কৈছে। অলপ পিছত মটৰ চাইকেল চালক জনো নামি আহিছে। আগুৱাই গৈছে দুয়োজন ঘৰখনৰ মূল দুৱাৰ অভিমুখে। সেই সুযোগতে অনুৰাগ আৰু অমৃতা দুয়ো ৱালখনৰ তলে তলে গৈ মটৰ চাইকেলখনৰ ওচৰত ৰল। চাবিতো লাগিয়েই আছিল।
অমৃতাই ভয়ে ভয়ে এবাৰ ইফালে সিফালে চালে।
নাই। কোনো নাই ওচৰে পাজৰে।
: ভালকৈ ধৰি লবি মোক।
অনুৰাগে অনুচ্ছ কণ্ঠৰে কলে তাইক।