বহল দুচকুৰে মূৰ তুলি চাইছে তাই অনুৰাগলৈ, সেই মায়াসনা দৃষ্টিলৈ। আকুল হৈ চাই ৰৈছে সি তাইৰ দুচকুলৈ উত্তৰৰ আশাত....
: অ ... ভাল পাওঁ তোক। বহুত ভাল পাওঁ।
কঁপি উঠিছে তাইৰ কণ্ঠ।
: ........
: প্ৰেম কি সেয়া নজনাকৈয়ে, নুবুজাকৈয়ে তোৰ প্ৰেমত পৰিছো বহুবছৰ আগতেই .. সেই শৈশৱতেই। আৰু সেই প্ৰেম আজিও নিখুঁত হৈ জীয়াই আছে মোৰ অন্তৰত অনুৰাগ।
তলমূৰ কৰিয়ে কলে তাই শব্দবোৰ এটা এটাকৈ।
কিছুপৰ নিস্তব্ধতাই বিৰাজ কৰিছে জোনাক উপচি পৰা কোঠাত।
অনুৰাগে একো উত্তৰ দিয়া নাই ..সঁহাৰি দিয়া নাই।
কিবা ভুল ক’লে নেকি তাই বাৰু?
দিলে নেকি তাই অবাঞ্চিত উত্তৰ।
অনুৰাগৰ ওখ শৰীৰটো তাইৰ কাষ চাপি আহিছে ক্ৰমাৎ....নিচেই কাষ।
অন্তৰৰ সমস্ত আৱেগ, আকুলতাৰে সাৱটি ধৰিছে সি তাইক।
: যথেষ্ট। আৰু একো নক’বি। এই শব্দকেইটাই শুনিবলৈ আতুৰ হৈ পৰিছিলোঁ মই জাননে!!
বহুত ভাল পাওঁ তোক। তই নহ’লে এতিয়া জীয়াই থকা অসম্ভৱ। অসম্ভৱ মোৰ সোণ।
অস্ফুট স্বৰেৰে সি কৈ উঠিল তাইৰ কাণে কাণে অন্তৰৰ সমস্ত আৱেগ ঢালি।
মই সোনকালেই ঘূৰি আহিম মোৰ সোণ।
: মই যাম তোৰ লগত অনু। তোক অকলে যাব নিদিওঁ মই।
: প্লিজ অমৃতা, বুজিবলৈ চেষ্টা কৰ। কেনেকুৱা বিপদ আহিব পাৰে তই অনুমান কৰিব পৰা নাই হয়তো।
: .... তই লগত থাকিলে মই একো বিপদলৈ ভয় নকৰোঁ।
তাই সজোৰে খামুচি ধৰিছে অনুৰাগৰ হাতখন...জানোচা সি গুচি যায়, সেই ভয়ত।
অনুৰাগক অকলে যাবলৈ দিব নোৱাৰে তাই। এতিয়া অমৃতাৰ জীৱন-মৰণ, সুখ-দুখ সকলো মাথো অনুৰাগৰ লগতহে। অশ্ৰুসিক্ত বহল দুচকুৰে চাই ৰৈছে তাই অনুৰাগৰ দুচকুলৈ। সেই দুচকুৰ কাতৰ চাৱনিত জিলিকি উঠিছে এক অদ্ভুত জিদ, এক অদ্ভুত দৃঢ়তা।
অনুৰাগ ভীষণ চিন্তাত পৰিছে।
অমৃতাক এনেকৈ এই ৰাতিখনত লৈ যোৱাটো একেবাৰেই উচিত নহব। কেনেকুৱা ধৰণৰ বিপদৰ মুখামুখি হব পাৰে তাই হয়তো অনুমানেই কৰিব পৰা নাই।
কল্পনা কৰিয়েই গা শিয়ঁৰি উঠিছে অনুৰাগৰ... নাই, নাই ... অমৃতাক লগত সি নিব নোৱাৰে।
সেয়া অসম্ভৱ।
: মই যাব লাগিব। মই গুচি গলে কাৰো প্ৰব্লেম নহ’ব।
অনুৰাগে তাইৰ হাতখন নিজৰ হাতখনৰ পৰা আঁতৰাই দিলে।
অনুৰাগৰ মুখখনত শীতলতা আৰু কঠিনতা। সেমেকা মুখখনৰ অভিব্যক্তি ৰূঢ় হৈ পৰিছে।
বেগখন কান্ধত লৈ যাবলৈ উদ্যত হৈছে অনুৰাগ।
দুচকুৰে সৰসৰাই চকুলো বাগৰিব ধৰিছে অমৃতাৰ। উচুপনিবোৰ অবাধ্য হৈ ওলাই আহিব ধৰিছে। যাবলৈ লোৱা অনুৰাগক পিছফালৰ পৰা জোৰকৈ সাৱটি ধৰিছে তাই...
আস’
বুকুত এক সুতীব্ৰ যন্ত্ৰণা অনুভৱ কৰিছে তাই।