পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩

 ৰক্তিম হৈ আহিছে ভাস্কৰৰ মুখমণ্ডল.....

 ইন্দ্রীয় সুখ পাবৰ বাবে চটফটাই উঠিছে তাৰ ভিতৰৰ কামুক পুৰুষজন...।

 পৰি যােৱা মােবাইলটো উঠাই লৈ ঠিক কৰি সি মিছেছ শৰ্মাৰ নাম্বাৰ ডায়েল কৰিলে।

 বহুবাৰ ৰিং হােৱাৰ পিছত কল ৰিছিভ নােহােৱাত বিৰক্ত হৈ পুনৰ মােবাইলটো দলিয়াই পঠিয়ালে সি।

 “ব্লাদী বিটছ, স্বার্থপৰ সকলাে।”

 নিজৰ মুখৰ ভিতৰতে ভােৰৰােই উঠিল সি।

 “অনুৰাগ বৰুৱা’’

 গর্জন কৰি উঠিল ভাস্কৰে। উত্তেজিত হৈ উঠিছে সি... হাতৰ খামুছত থকা কাঁচৰ গ্লাছটো মৰমৰাই ভাঙি পৰিব ধৰিছে।

 এই ভাস্কৰ দত্তক অপমান কৰি, ভাস্কৰ দত্তৰ সম্পত্তি, মােৰ মৰমৰ পত্নী অমৃতাক মােৰ পৰা আঁতৰাই তই সুখত থাকিব নােৱাৰ অনুৰাগ বৰুৱা... তই মৰিব লাগিব। তই মৰিবই লাগিব।

 দৈত্যৰ দৰে অট্টহাস্য কৰি উঠিল সি কোঠাটোৰ নির্জনতা ভাঙি।

 .......

 ড্রাইভাৰজনে অমৃতাৰ লাগেজবােৰ গাড়ীৰ পৰা নমাই লাগেজ ট্রলি এখনত উঠাই দিলে।

 অদিতি আৰু শ্যামলী দুয়ােজনীয়ে সাৱটি ধৰিলে অমৃতাক। অদিতিৰ দুচকু উপচি পৰিছে অশ্ৰুৰে ...শ্যামলীৰ চকুৱে মুখে চিন্তা, উদ্বেগ।

 : আপুনি সচাকৈ অকলে যাব পাৰিব নে অমৃতা বা??

 সােধাে নােসােধােকৈ পুনৰ বাৰ সুধিলে শ্যামলীয়ে।

 : পাৰিম শ্যামলী। তুমি অকণাে চিন্তা নকৰিবা। মাথাে অনুৰাগৰ ফোন আহিলে তাক কৈ দিবা সকলাে কথা।

 শ্যামলীৰ মনত চিন্তা তথাপিও কমা নাই।

 অনুৰাগে খং কৰিব নেকি?

 অসন্তুষ্ট হব নেকি তাইৰ ওপৰত অমৃতাক এনেকৈ অকলে যাবলৈ দিয়া বুলি...?

 তাইৰ ওপৰতে ভৰসা কৰি অনুৰাগে অমৃতাক নিজৰ ফ্লেটত এৰি গুচি গৈছিল।

 : অমৃতা, গুৱাহাটী গৈ পায়েই ফোন কৰিবa। আৰু মই ফোন কৰিলেও ৰিছিভ নকৰাকৈ নাথাকিবা।

 চিন্তিত কণ্ঠৰে অদিতিয়ে কলে।

 : তুমি অকণাে চিন্তা নকৰিবা অদিতি। মই গৈ পায়েই ফোন কৰিম।

 : আৰু মই কোৱা কথাবােৰ মনত ৰাখিবা।

 প্রত্যুত্তৰত অমৃতাই সজল নয়নে অদিতিৰ দুচকুত চকু থৈ মাথাে মূৰটো সামান্য দুপিয়ালে।

 অদিতি আৰু শ্যামলীক তাতেই এৰি লাগেজ ট্রলিটো লৈ আগবাঢ়িল তাই।

 ঘূৰি চাব খুজিও এবাৰাে ঘূৰি নাচালে অমৃতাই... ঘূৰি চালেই যে দেখা পাব দুচকুত অলেখ চিন্তা, শংকা আৰু উদ্বেগ লৈ তাই যােৱাৰ ফালে চাই থকা অদিতি আৰু শ্যামলীক।

 তাঁহাতৰ চিন্তাৰ কাৰণ বুজি পায় তাই।

 মাত্র এৰাতিৰ ভিতৰত গুৱাহাটিলৈ যােৱাৰ সিদ্ধান্ত লৈছিল অমৃতাই। অদিতি আৰু শ্যামলী দুয়ােজনীকে কোনােমতে বুজাই বঢ়াই হে তাই মান্তি কৰাব পাৰিলে। তাইক অকলে পঠিয়াবলৈ মুঠেও মান্তি হােৱা নাছিল দুয়ােজনী। অৱশেষত তাইৰ জিদৰ আগত হাৰ মানি মুম্বাইৰ পৰা গুৱাহাটীলৈ এয়াৰ এছিয়া ফ্লাইটত টিকেট কৰি দিছিল অদিতিয়ে নিজেই।

 আচলতে ভাস্কৰে অনুৰাগক চিনি পােৱা বুলি জনাৰ পিছৰপৰাই ভীষণভাৱে চিন্তিত হৈ পৰিছিল তাই। নানা ধৰণৰ দুশ্চিন্তাই ভাৰাক্ৰান্ত কৰি তুলিছিল তাইৰ হৃদয়।

 বর্ডিং পাছখন লৈ লাগেজ চেক ইন কৰি, সুকলমে চিকিউৰীতি চেক গেট পাৰ হৈ ৱেইটিং লৱীৰ চিট এখনত বহি ল’লে অমৃতাই।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড