পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪

 ঘনে ঘনে বিপ বিপকৈ মেছেজ ট’নটো বাজি উঠিছে। বিৰক্তিত ভ্রূ কুঞ্চিত হৈ আহিছে অমৃতাৰ।

 চাইলেন্ট মডত থব ইচ্ছা গলেও তাই থােৱা নাই.... কিজানিবা অনুৰাগৰ ফোন আহে!

 বিমান পৰিচাৰিকা দুগৰাকীৰ হাঁহিমুখীয়া সম্ভাষণত প্রতিসম্ভাষণ জনাই খিৰিকী কাষৰ নিজৰ নির্দিষ্ট স্থানত বহি ল’লে অমৃতাই।

 এই প্রথম বাৰ অকলে ফ্লাইট যাত্রা কৰিব তাই। ইয়াৰ আগতে তাই কেতিয়াও কলৈকো অকলে যাত্রা কৰা নাই.... কৰিবলগীয়া হােৱা নাই।

 তথাপিও তাই অকণাে ভয়, শংকা, কুণ্ঠাবােধ দ্বিধা অনুভৱ কৰা নাই মনত ....

 চিন্তাক্লিষ্ট মুখখনিত সর্বস্বতে বিয়পি পৰিছে মাথাে উদ্বিগ্নতা আৰু উদ্বিগ্নতা। অনুৰাগে এবাৰাে ফোন কৰা নাই যােৱাৰেপৰা।

 কত আছে সি এতিয়া? কি কৰি আছে?

 কিয় এবাৰাে ফোন কৰা নাই সি যােৱাৰ পিছৰ পৰাই?

 নিজৰ ওপৰতে ভীষণ খং উপজিছে তাইৰ। গ্লানিৰে উপচি পৰিছে অন্তৰখন। অনিৰুদ্ধই যে অনুৰাগ, সেই কথা ভাস্কৰে গম পােৱাৰ পিছত সি যিকোনাে প্রকাৰে অনুৰাগৰ ক্ষতি সাধন কৰিবলৈ চেষ্টা কৰিব পাৰে।

 ভাস্কৰৰ দৰে প্রতিশােধকামী মনৰ মানুহে জিকিবৰ বাবে কিমান তললৈ নামিব পাৰে সেই কথা তাই জানিব লাগিছিল ....সর্পতকৈও বেছি বিষাক্ত যি ।

 কিয় যাব দিলে তাই অনুৰাগক? কিয়?

 তাইৰ বাবেইটো অনুৰাগে মুম্বাই এৰি গুচি গৈছে। কাৰণ তাই ব্যক্ত নকৰিলেও সি বুজি পায় তাইৰ মনৰ ভাষা।

 দুশ্চিন্তাত নীলা হৈ পৰিছে তাই।

 অশান্ত মনটোক শান্ত কৰিবলৈ চেষ্টা কৰি চকুযুৰী জোৰেৰে জপাই দিলে তাই।

 বন্ধ দুচকুৰ আগত আকৌ ভাঁহি আহিছে অনুৰাগ.. সেমেকা হাঁহি অথচ দুচকুত মৰম ভৰা সেই চিৰচিনাকি চাৱনি। অনুৰণিত হৈ ৰৈছে অনুৰাগে যােৱাৰ পৰত কোৱা কথাবােৰ ।

 “ফোন ৰিছিভ নকৰিলে কিন্তু মই লগে লগেই মুম্বাই আহি পামহি”

 অনুৰাগ ক’ত আছা তুমি?

 এবাৰ কল কৰাচোন। প্লিজ অনুৰাগ, প্লিজ।

 এয়াৰ এছিয়া বিমানখন ইতিমধ্যে লেণ্ডিং হৈছে।

 মােবাইলটো অন কৰাৰ লগে লগেই উপৰা উপৰিকৈ কেবাটাও মেছেজেৰে তৎক্ষণাত ভৰি পৰিল ৱাটচ আপ আৰু ইনবক্স।

 তাই এনেয়ে এবাৰ মেছেজবােৰ চালে।

 নাই, অনুৰাগৰ এটাও মেছেজ নাই।

 গােটেইবােৰ ভাস্কৰৰ মেছেজ।

 চিট বেল্ট খােলাৰ সংকেত দিয়াৰ পিছতেই যাত্ৰীসকলৰ মাজত মৃদু গুণগুণনি উঠিছে। নামিবলৈ যাে-জা কৰিছে আটায়ে।

 বিমর্ষ মনেৰে হেণ্ড বেগটো হাতত লৈ ওলাই আহিল তাই যাত্রীজাকৰ লগত।

 বিমানখনৰ পৰা ওলাই অহাৰ লগে লগেই এজাক চেঁচা বতাহে ধৰফৰাই চুই গল তাইক।

 কিছুক্ষণ ঠাইতে থিয় হৈ ৰৈ তাই অনুভৱ কৰিলে সমীৰণজাকৰ সেই শান্ত, চেঁচা স্পর্শ।

 আকাশখনলৈ মূৰ তুলি চালে তাই।

 মেঘাচ্ছন্ন কলীয়া বিষন্ন আকাশ...বিষণ্ণ বতাহ।

 আকাশৰ বুকুত ইফালৰ পৰা সিফাললৈ ওপঙি ফুৰিছে চপৰা চপৰ গধুৰ কলীয়া মেঘ... ঠিক যেনেকৈ বিষাদৰ ছাঁ ওপঙি ৰৈছে তাইৰ চকু, ওঠ, মুখত ... হৃদয়ৰ গভীৰত।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড