পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭

 : হাও দেয়াৰ ইউ।

 ঠিক তেতিয়াই, ভাঁহি আহিল সেই গুৰু গম্ভীৰ শীতল কণ্ঠস্বৰ। মূৰ তুলি চালে তাই।

 অস্বচ্ছ পােহৰৰ মাজতাে গধুৰ হৈ অহা দুচকুৰে তাই দেখা পালে ছ ফুট ওখ এটা ছায়ামূর্তি তাইৰ নিচেই কাষত ৰৈছেহি ... চকামকা পােহৰত জিলিকি উঠিছে দুচকুৰ বগা গ্লাছ। মিষ্টাৰ মেহতাৰ বাওঁহাতখন একে আজুৰে আচাৰ মাৰি পঠিয়াই নিজৰ বলিষ্ঠ সোঁহাতখনত আৱদ্ধ কৰিলে প্ৰহাৰৰ বাবে উদ্যত হােৱা মিষ্টাৰ মেহতাৰ সোঁহাতখন।

 : অনুৰাগ ...

 মুখেৰে একো নামাতিলে সি। তাইৰ ফালে এবাৰাে ঘূৰি নােচোৱাকৈয়ে তাৰ বাওঁহাতখনেৰে আঁকোৱালি ধৰিলে তাইৰ হাতখন।

 অবাক হৈ চাই ৰল তাই অনুৰাগৰ খঙত ৰঙা হৈ উঠা মুখখনলৈ। মুখৰ মাংসপেশী কঠিন হৈ আহিছে, দুচকুত জিলিকি উঠিছে অগ্নিস্ফুলিংগ, বলিষ্ঠ হাতখনেৰে তেওঁ মুচুকাই ধৰিছে মিষ্টাৰ মেহতাৰ সোঁ হাতখন।

 : হাও দেয়াৰ ইউ তাচ্ছ হাৰ ?

 : মিষ্টাৰ বৰুৱা... হেই...প্লীজ .. টেক ইট ইজি।

 কোনাে কথা বা প্রশ্নৰ অৱতাৰণা নকৰাকৈ এটা, দুটা, তিনিটা প্রচণ্ড চৰ সােধাই দিলে অনুৰাগে মিষ্টাৰ মেহতাৰ দুয়ােখন গালত। কৰ্ফাল খাই পৰিল মানুহজন। উচ্চপদস্থ অফিচাৰৰ স্বভাৱ সুলভ খং এটা উঠি আহিছিল মিষ্টাৰ মেহতাৰ ... কিন্তু অনুৰাগৰ খঙত কম্পমান মুখ, জ্বলন্ত দুচকুৰ দৃষ্টি, কঠিন হাতৰ মাংসপেসী দেখি মনৰ খং মনতে সামৰিবলৈ বাধ্য হল তেওঁ।

 অনুৰাগৰ সুগঠিত বলিষ্ঠ শৰীৰৰ সন্মুখত যে তেওঁৰ মেদবহুল শৰীৰ বেছি দেৰি টিকি থাকিব নােৱাৰিব সেয়া হয়তাে তেওঁ নিজেই বুজি উঠিছিল।

 ঘটনাৰ আকস্মিকতাত আৰু ৰক্ষাকর্তাৰ ৰূপত স্বয়ং অনুৰাগক দেখি নির্বাক হৈ চায়েই ৰল অমৃতাই গধুৰ দুচকুৰে। আৱেগত ভৰি আহিছে তাইৰ চকুযুৰী তপত অশ্রুৰে। অনুৰাগৰ বাওঁহাতখনত মুষ্টিবদ্ধ নিজৰ হাতখনলৈ চালে তাই। কিমান দিনৰ মূৰত অনুভৱ কৰিছে তাই এই স্পর্শ। অনুৰাগৰ হাতৰ এই স্পর্শত সকলাে বিচাৰি পায় তাই .. মৰম, বিশ্বাস, আশ্বাস, নিস্বার্থ ভালপােৱা। শৰীৰত যেন অফুৰন্ত প্রাণ শক্তি ঘুৰি আহিছে তাইৰ। শেঁতা পৰি যােৱা মুখখনলৈ এসোঁতা গৰম তেজ যেন বৈ আহিছে। প্রাণভৰি দুনয়ন জুৰাই তাই চাই ৰৈছে অনুৰাগৰ হাতত মুষ্টিবদ্ধ তাইৰ হাতখনলৈ।

 : যােৱা পােন্ধৰটা বছৰত মৰি মৰি জীয়াই থকাৰ প্রতিটো ক্ষণ, প্রতিটো পলতেই নিঃস্বার্থ আশ্বাসৰ এই হাতখনৰ উমাল স্পৰ্শৰ বাবে কিমানবাৰ কাতৰ হৈ উঠিছিল তাই!

 অপমানত, লাজত, ভয়ত তলমূৰ কৰি কি কৰাে কি নকৰাে, কত যাওঁ কত নাযাওকৈ থিয় হৈ ৰ’ল মিষ্টাৰ মেহতা। নিজৰ হাতৰ বুঢ়া আঙুলিটোৰে বৈ অহা তেজখিনি মচি ললে সি।

 : হাও দেয়াৰ ইউ তাচ্ছ হাৰ।

 অনুৰাগে তেওঁৰ ছাৰ্টৰ কলাৰত সোঁ হাতখনেৰে খামুচি ধৰিলে।

 : মিষ্টাৰ বৰুৱা আই এম ৰিয়েলি চৰি।

 কম্পিত ভয়ার্ত কণ্ঠৰে কাবৌ কৰি হাতযােৰ কৰি উঠিল মিষ্টাৰ মেহতা। ভাৱনাৰ জগতৰ পৰা বাস্তৱলৈ ঘূৰি আহিল তাই

 ইতিমধ্যে মিষ্টাৰ মেহতাৰ তলৰ ওঁঠ ফাটি তেজ ববলৈ আৰম্ভ কৰিছিল। থন থনকৈ পৰি ভাঙি যােৱা ৰঙীন পানীয়ৰ গ্লাছটোৱে কটা হাতৰ তলুৱাৰ পৰা তেজ বিৰিঙিব ধৰিছিল।

 : অনুৰাগ •••• তেওঁক এৰি দে... প্লীজ।

 অমৃতাই অনুৰাগৰ হাতৰ বন্ধনৰ পৰা নিজৰ হাতখন লাহেকৈ মুক্ত কৰি ল’লে। উচিত অনুচিতৰ যুদ্ধখন ইতিমধ্যেও আৰম্ভ হৈ গৈছে তাইৰ মনােজগতত।

 তেতিয়াহে যেন অনুৰাগৰাে হুঁচ ঘূৰি আহিল।

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড