পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৪

 চাওঁতে চাওঁতে তিনিবছৰেই হ'লহি অহাৰ। ঘৰৰ পৰা অলপ আঁতৰত নাৰ্চাৰী স্কুল এখনতে শ্ৰুতিমালাই হোক এচমিচন দিয়াই দিলে স্কুললৈ যোৱাৰ অভ্যাস এটা হওক বুলিয়েই। তাইক স্কুলত থৈ ঘৰলৈ আহি দুই এটা কাম কৰি আজৰি হয় শ্ৰুতিমালা। ইয়াৰ পিছৰ সময়খিনিহেবৰ আমনিদায়ক হৈ পৰে শ্ৰুতিমালাৰ বাবে। শহুৰেক শাহুৱেক তাইৰ লগত আজিকালি, বেছি কথা নপতাই হ’ল। এনেদৰে থকাতকৈ স্কুলৰ চাকৰিৰ কাৰণে চেষ্টা কৰাতোকে ঠিক কৰিলে তাই। এনেয়ে তাই টেট পাছ। কৰি থৈছে যেতিয়া পাব চাকৰি। সমাজ এখনলৈ ওলাই গ'লে মনটোও ভাল লাগিব। সৌৰভক কৈছিল তাই চাকৰি কৰাৰ কথা আৰু সৌৰভৰ সন্মতিক্ৰমেই সিহঁতৰ ঘৰৰ পৰা যথেষ্ট দূৰলৈ ভিতৰুৱা অঞ্চল এটাৰ স্কুল এখনত শিক্ষয়িত্ৰী ৰূপে যোগদান কৰিছিল শ্ৰুতিমালাই। প্ৰথম অৱস্থাত স্কুললৈ অহা-যোৱা কৰাত বহুত কষ্ট হৈছিল তাইৰ – এচোৱা পথ বাচত, তাৰ পিছত আকৌ অটত। বাচয় ষ্টেণ্ডৰ পৰা অট ষ্টেগুলৈ খোজ কাঢ়ি যোৱা পথচোৱাত তাই প্ৰায়ে লগ পায় ল'ৰা এটাক। বাইক চলাই পাৰ হৈ যায়। সদায় দেখি দেখি একপ্ৰকাৰ চিনাকীয়েই হৈ পৰিছিল ল'ৰাটো। প্ৰথমতে সৌজন্যসূচকভাৱে মূৰ দুপিয়াই সম্ভাষণ, তাৰ পাছত কথা-বতৰা। ৰূপম ল'ৰাটোৰ নাম। তাইৰ দৰে সিও এখন স্কুলৰ শিক্ষক। শ্ৰতিমালাই শিক্ষকতা কৰা স্কুলখন পাৰ হৈ পোৱা স্কুলখনতে চাকৰি তাৰ। কেতিয়াবা তাইৰ দেৰি হ'লে বা সময় মতে অট নেপাই ৰৈ থাকিলে একপ্ৰকাৰ জোৰ কৰিয়েই তাৰ বাইকত উঠাই শ্ৰুতিমালাক স্কুলৰ সন্মুখত নমাই থৈ গৈছিল ৰূপমে।
 ছুটিত সৌৰভ ঘৰলৈ আহিলে তাই কয় কিমান কষ্ট হয় স্কুললৈ অহা-যোৱা কৰাত। ৰূপমৰ কথাও কয় তাই সৌৰভক, সময়মতে অট নাপালে তাৰ বাইকতে উঠি স্কুললৈ যোৱাৰ কথা.. সকলোবিলাক কয় তাই। শ্ৰুতিমালাৰ সুবিধা হওক বুলি সৌৰভে এদিন স্কুটি এখন কিনি আনিলে তাইৰ বাবে। এতিয়াৰে পৰা সময়মতে অ'ট নাপালেও ৰূপমৰ বাইকত উঠি তাই স্কুল যাবলগা নহয়। স্কুটিখন হোৱাৰ পৰা যেন সলনি হৈ পৰিল শ্ৰুতিমালাৰ গতানুগতিক ৰুটিনখন। পুৱাই হোক ভাত খুৱাই, টিফিন বনাই স্কুলত থৈ তাৰ পাছত ঘৰলৈ আহি দৌৰা-দৌৰিকৈ নিজেও খাই লৈ স্কুটিখন লৈ স্কুললৈ ওলাই যাই তাই। স্কুলৰ পৰা আহিয়েই ভাত কেইটা খাই হোক আকৌ টিউচন নিব লগা হয়, তাৰ পিছত পুনৰ নাচৰ স্কুল। ঘৰ পাওঁতে সন্ধিয়াই হয়হি। আজিকালি যান্ত্ৰিকভাৱে কৰি যায় তাই ঘৰৰ কামবিলাক। সেইদিনাখনো গধুলি নিজৰ মাজতে বিভোৰ হৈ গতানুগতিকভাৱে কৰি গৈছিল ঘৰৰ কাম। পিছফালৰ পৰা প্ৰেহাই তাইৰ কোমল অকণমানি হাত দুখনেৰে সাবটি ধৰিলতহে সম্বিত ধূৰি আহিল শ্ৰুতিমালাৰ।
 :মা,মা। এইবাৰ কিন্তু মোৰ বাৰ্থ ডে ডাঙৰকে পাতিব লাগিব। পাতিবা নাই কোৱা?
 এইবাৰ তাইৰ বাৰ্থ ডে তাই আৰু সৌৰভে ডাঙৰকৈ পাতিম বুলি কথা দিছিল হোক। স্নেহাৰ স্কুলো বন্ধ সেইদিনা। দুপৰীয়া সৌৰভে ফোন কৰি শ্ৰতিমালাক গেহাৰ বাৰ্থ ডেত আহিব নোৱাৰিব বুলি ক'লে। তথাপি স্নেহাৰ বাৰ্থ ডে তাই পাতিবই লাগিব। ৰূপমকো মাতিব লাগিব। প্ৰয়োজনীয় বস্তুখিনিৰ বজাৰ তাই আগদিনাই স্কুলৰ পৰা আহোতে কৰি আনিব পাৰিব। বাৰ্থ ডেৰ কেকৰ অৰ্ডাৰটোও বাহিৰে বাহিৰে দি থৈ আহিব তাই।
 পুৱাই বিচনাতে স্নেহাক চুমা এটা খাই বাৰ্থ ডে উইচ কৰি কামত লাগিল শ্ৰুতিমালা। শহুৰেক শাহুৱেকে মাংস নেখায়। তেওঁলোকৰ কাৰণে মাছে আনিব আছে। কাম কৰা মানুহজনী আৰু তাই মিলি এফালৰ পৰা কৰি গৈছে কামবোৰ। কলিং বেল বাজি উঠাত বাহিৰলৈ ওলাই গ'ল শ্ৰুতিমালা। ৰূপম আহিছে। ড্ৰয়িং ৰূমতে তাক বহিব দি চাহ একাপ দিলে শ্ৰুতিমালাই। শহুৰেক-শাহুৱেকৰ সৈতেও চিনাকী কৰাই দিলে ৰূপমক। স্নেহাইতে ৰূপমক পাই এৰিয়ে নিদিয়া হ'ল। ৰূপমক বহিব কৈ কেক আনিব ওলাল শ্ৰুতিমালা। তাইক বজাৰলৈ ওলোৱা দেখি ৰূপমো ওলাল যাবলৈ।
 :কেকটো অকলে আনিবলৈ অসুবিধা হ’ব তোমাৰ। মোৰ লগতে ব’লা, ময়ো স্নেহাৰ বাবে কিবা এটা আনোগৈ।
 ৰূপমৰ লগত তাই এনেদৰে বাইকত উঠি উলাই যোৱাতো যে তাইৰ শাহুৱেকে ভাল ভাৱত লোৱা নাছিল সেয়া তাই ঘূৰি অহাৰ পাছতহে গম পালে। ৰূপমৰ সন্মুখতে তাকে লৈ কথা শুনালে শ্ৰুতিমালাক শাহুৱেকে। ৰূপমৰ সন্মুখত এটা অনাহুত পৰিস্থিতিৰ সৃষ্টি নহওক বুলি স্নেহাৰ বাৰ্থ ডে টো সুকলমে হৈ যাওক বুলিয়েই একো নকৈ মনে মনে থাকিল শ্ৰুতিমালা। যিমানখিনি মানুহ মাতিছিল প্ৰায় সকলোৱেই আহিল বাৰ্থ ডেলৈ। স্নেহাৰ বিৰাট ফুৰ্টি, পখিলা এজনীৰ দৰে উৰি ফুৰিছে তাই।
 সন্ধ্যাৰ আগে আগে প্ৰায় সকলো আলহীয়েই গৈ শেষ হ'ল ৰূপমো গ'ল। দিনটো কাম আৰু আলহী-অতিথিৰ লগত থাকোতে তাই সময়েই উলিয়াব নোৱাৰিলে সৌৰভলৈ ফোন এটা কৰিবলৈ। এতিয়া অকণমান আজৰি হৈ ফোনটো হাতত

অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড