পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৫

ল’লে শ্ৰুতিমালাই সৌৰভলৈ ফোন এটা কৰোঁ বুলি। তিনিটা মিছ কল স্ক্ৰীনত জিলিকি আছে। সৌৰভে ফোন কৰিছিল। কল বেক কৰিলে তাই সৌৰভলৈ। বিজি, তিনিবাৰ চেষ্টা কৰিলে সৌৰভলৈ ফোন লগাবলৈ। প্ৰত্যেকবাৰেই বিজি পালে তাৰ ফোনটো। কামবিলাক সামৰি পিছত পুনৰ ফোন কৰিম বুলি ভাৱি ৰূমতে ফোনটো এৰি পাকঘৰ পালেগৈ তাই। সকলোবিলাক সামৰি-সুতৰি আজৰি হয় মানে দহটা মানেই বাজিল। স্নেহা ইতিমধ্যে শুই পৰিল। সৌৰভলৈ ফোন কৰিবলৈ ফোনটো পুনৰ হাতত ল’লে শ্ৰুতিমালাই। চাৰিটা মিছ কল, এটা সৌৰভৰ আৰু তিনিটা ৰূপমৰ। সৌৰভলৈ কল বেক কৰিলে তাই। দুবাৰমান ৰিং হোৱাৰ পিছত ৰিচিভ কৰিলে সৌৰভে। কিন্তু এয়া কি কৈছে সৌৰভে? ফোনটো ৰিচিভ কৰিয়েই সিমূৰৰ পৰা সৌৰভে কোৱা কথাখিনি শুনি হতবাক হৈ পৰিল শ্ৰুতিমালা।

 : আজি দিনটো খুব স্ফুৰ্টিৰে গ’ল ন তোমাৰ? মায়ে ফোন কৰি সকলো কৈছে মোক। আগতে স্কুললৈ যাওঁতে বাইকৰ পিছত উঠিছিলা আৰু আজি মা, দেউতাৰ আগতে ঘৰৰ পৰা গাত গা লগাই বজাৰলৈ গ’লা। ছিঃছিঃ...

 সৌৰভক তাই কিবা কওঁ বুলি ভাবিও নোৱাৰিলে ক’বলৈ। জিভাখন লগতে মানুহজনীও জঠৰ হৈ পৰিল। এয়া তাৰি সৌৰভেইনে? সিটো মূৰৰ পৰা অনৰ্গল কৈ গ’ল সৌৰভে

 : মই ঘৰত নাথাকিলেও তোমাৰ খবৰ মই পাই থাকোঁ। তুমি স্নেহাক নাচৰ স্কুল, টিউচনত থৈ কাৰ লগত ঘূৰি ফুৰা, কি কৰা সকলোবিলাক গম পাওঁ মই।

 আৰু কিবা-কিবি কৈছিল সৌৰভে। খং আৰু দুখত কঁপি উঠা শ্ৰুতিমালাৰ হাতৰ পৰা ম’বাইলতো সৰি পৰিল মজিয়াত। কোনোমতে আহি বিচনাত বহি পৰিল তাই। যিজন মানুহে বেয়া পাব বুলিয়েই শহুৱেক শাহুৱেকৰ ইমান কথা শুনিও তাই মুখে মুখে উত্তৰ নিদি নিমাতে আছিল, আজি সেইজন মানুহেই সন্দেহ কৰিলে। আৰু শহু–শাহু? এই বৃদ্ধ বয়সত তেওঁলোকক সংগ দিবলৈকেতো তাই বাগানৰ বাংলোৰ আৰামী জীৱন ত্যাগ কৰি ইয়াত আছিলহি। আজি সেই শাহুৱেকেই মিছা কথা লগালে তাইৰ বিৰুদ্ধে। দুচকুৰে ধাৰাসাৰে বৈ অহা চকুলো মচি মচি স্নেহাক সাৱটি ধৰি লৈ ওৰে ৰাতি উজাগৰে থাকিল শ্ৰুতিমালা।

 পুৱা স্নেহাক স্কুললৈ উলিয়াই নিজও ওলাল স্কুললৈ। আনদিনা স্কুললৈ যাওঁতে শহুৰেক শাহুৱেকক মাত এষাৰ দি ওলাই যায় শ্ৰুতিমালাই। আজি মাত দিব মন নগ'ল তাইৰ। একো খাবও মন নগ’ল। স্কুলত গৈ কোনোমতে ক্লাছ কেইটা কৰি ৰান্ধনীজনীয়ে দিয়া চাহ কাপ খাইহে অলপ আৰাম পালে তাই। টোপনি খতি, তাতে কালিৰে পৰা একো এটা পেটত পৰা নাই। চাহ কাপ খাই মুৰৰ বিষটো অলপ আৰাম পালেও মূৰতো ঘূৰোৱা যেন লাগি থাকিল শ্ৰুতিমালাৰ। ভোক, দুঃচিন্তা আৰু টোপনি খতিয়ে যেন থিৰেৰে থাকিব দিয়া নাই তাইৰ মগজুটোক। ক্লাছ শেষ কৰি স্কুটিখন লৈ তিনিআলি পালেহি। তিনিআলিৰ সন্মুখৰ দোকানখনতে ৰূপম ৰৈ আছে। তাইক দেখি হাঁহি এটা মাৰি আগবাঢ়ি আহিল সি।

 : কালি মোৰ ফোন ৰিচিভ নকৰিলা, কল বেকো নকৰিলা, আজি স্কুল অহাও দেখা নাপালোঁ, আহিছা নাই চাই যাবলৈ ৰৈ আছোঁ।

 ৰূপমৰ কথাত শেঁতা হাঁহি এটা মাৰিলে তাই। কি বুলিনো ক’ব তাক কথাবিলাক। মূৰটোও বৰ বেছিকৈয়ে ঘূৰোৱা যেন লাগিছে।

 : ঠিকেই আছে, বলা যাওঁ।

 স্কুটিখন লৈ তাই আগবাঢ়িবলৈ উলাইছিলহে, স্কুটিৰ পৰা পৰি গ’ল তাই। ৰূপম আৰু দোকানীজনৰ লগতে ওচৰ-পাজৰৰ মানুহখিনি দৌৰি আহিল তাৰি কাষলৈ। শ্ৰুতিমালাক পৰাৰ পৰা উঠাই দোকানৰ বাৰান্দাতে চকী এখনত বহাই পানী অলপ খোৱাই দিলে ৰূপমে। পানী খাই কিছু প্ৰকৃতিষ্ঠ হ’ল শ্ৰুতিমালা। তাই নিজে স্কুটি চলাই যাব ওলোৱা দেখি বাধা দি উঠিল সকলোৱে। স্কুটিখন ওচৰৰ মানুহ এঘৰতে থৈ তাইক জোৰ কৰি ৰূপমৰ বাইকত উঠাই দিলে মানুহখিনিয়ে। অনিচ্ছা সত্বেও শ্ৰুতিমালা বহি পৰিল ৰূপমৰ বাইকৰ পিছত। তাই বাৰে বাৰে বাধা দিয়াৰ পাছতো ৰূপমে তাইৰ কথা নুশুনি একেবাৰে সিহঁতৰ ঘৰৰ পদূলিতে নমাই থৈ গ’ল শ্ৰুতিমালাক। দুৰ্বল খোজেৰে গেটখন খুলি সোমাই গ’ল শ্ৰুতিমালা। তাই ভালদৰে বুজিছে, আজি শাহুৱেকে পুনৰ কথা শুনাব। ৰূপমৰ লগত তাই সেই কাৰণেই আহিব খোজা নাছিল। ৰূপমক তাই কিদৰে কয় যে তাৰ লগত শ্ৰুতিমালাক সাঙুৰি এজন ভাল বন্ধু বুলিয়েই ভাৱে। কিন্তু ঘৰখনৰ মানুহখিনিয়েহে অহেতুক সন্দেহ কৰি অশান্তি কৰিছে। চোতালত শাহুৱেকে কিবা কৰি আছিল। ৰূপমে তাইক গেটৰ সন্মুখত নমাই থৈ যোৱাতো লক্ষ্য কৰি আছিল শাহুৱেকে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড