পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৫

ওৰে ৰাতি মাদল বাজে, বচন্তিহঁতে নাভাগৰা লৈকে ঝুমুৰ নাচি থাকে।

 আজি কেইদিনমান হল মাকজনীৰ গাটো বৰ ভাল নাই বাবে তাইয়ে মাকৰ ঠাইত বাগানৰ পাত তুলিবলৈ গৈছে। সৰুৰ পৰাই মাকে তাইক এইবোৰ কাম বেছিকৈ কৰিব নিদিয়াৰ ফলত এটা দিনৰ হাজিৰা মতে যিমান পাত তুলিব লাগে তাই তুলিব পৰা নাই। দিনটো পাত তুলি শেষ কৰি কলঘৰত পাতৰ টুকুৰিবোৰ জমা দিব লাগে। তাৰ পিছত তাত দিনটোত কোনে কিমান পাত তুলিলে তাৰ ওজন হয় আৰু সেইমতে সিহঁতে মাননি পায়। বচন্তিৰ টুকুৰিৰ ওজন সদায় কম। বৰ মেনেজাৰে এই লৈ এইকেদিন সদায় তাইক কথা শুনাইছে। সদায় ওজন কম হলে দৰমহা কাটি দিয়াৰ ভাবুকি দিলে বৰ মেনেজাৰে। হাতযোৰ কৰি তাই বৰ মেনেজাৰক কৈছে, “তেনে নকৰিব চাহাব.. মই চেষ্টা কৰিম। মোৰ মা বিমাৰ, ইলাজৰ পইচা লাগে। দৰমহা নাকাটিব চাহাব। দৰমহা কাটিলে আমি চলিব বৰ দিগদাৰী হব চাহাব, “বুলি তাই হাতযোৰ কৰিলে বৰ চাহাবক।

 অনুনয় বিনয় কৰা বচন্তিৰ অসহায় অৱস্থাটোত আমোদ পোৱা বৰ মেনেজাৰৰ তীক্ষ দৃষ্টি এটা তাইৰ শৰীৰ ওপৰেৰে পাৰ হৈ গল। সেই দৃষ্টিয়ে তাইৰ ষোল্ল বছৰীয়া গাভৰু দেহৰ নিতুল শৰীৰৰ ওঠন বুকু ভেদি যোৱা যেন লাগিল তাইৰ। বুকু ঢাকি কান্ধত পেলায় লোৱা চুন্নীখন তাই টানি টুনি ঠিক কৰি ললে। সেই লুলোপ দৃষ্টিৰ পৰা নিজকে বচাবলৈ। বৰ বাবুয়ে এইবাৰ তাইক ক'লে, “তই পাত তুলিব নোৱাৰ যদি মোৰ বাংলোতে কাম কৰি দিবিহি। মই দৰমহা নাকাটো। পাত তুলি যিমান দৰমহা পাৱ সিমানে তোক দিম।”

 উপায় নেদেখি তাই ‘হ’ব চাহাব’ বুলি ক'লে। কি কৰিব নহলে তাই, মাকজনীৰ অৱস্থা দিনে দিনে বেয়া হৈ গৈছে, সিদিনা বাগানৰ হস্পিতালতে ডাক্তৰক দেখুৱালে। ডাক্তৰে পাৰিলে কিবা কিবি টেষ্ট দুটামান কৰিব দিছিল। কিন্তু চহৰলৈ নিবলৈ ইমান পইচা নাই। হাড়িয়াত ডুবি থকা বাপেকটোৰতো একো খবৰ নাথাকে মাকৰ জীৱনত, বচন্তিৰ জীৱনত কি ঘটি আছে। মাকে কৰিব নোৱাৰাত তাই কাম নকৰিলে ঘৰো নচলে। ইমান দিনে মাকে তাইক একো কাম কৰিব নিদিয়াকৈ হাজাৰ সংঘাতৰ মাজতো চলাই আছিল সিহঁতৰ সৰু সংসাৰখন। কিন্তু এতিয়া তাই মাকৰ বাবেই কৰিব লাগিব মাকক সুস্থ কৰি তুলিবৰ বাবে, ঘৰ খন চলি থাকিবৰ বাবেই কাম কৰিবলৈ ওলাই গৈছে। বুকুত যিমানে সপোন নাথাকক সিহঁতে সংগ্ৰাম নকৰাকৈ সপোন ৰচিব নোৱাৰে।

 তাই বৰ বাবুয়ে কোৱা পিছদিনাৰ পৰা বৰ চাহাবৰ বাংলাত কাম কৰিবলৈ গ'ল। বাংলাত আৰু বহু কেইজন লগুৱা আছে যদিও তাইক বাংলাত কাম কৰিবলৈ মাতিছিল। মালি , ৰান্ধনী, দ্ৰাইভাৰ সকলো ভাগে ভাগে লগুৱা আছে। তাই ৰান্ধনী হৰিকাইৰ লগতে ইটো সিটো লাগনি-পাচনি কৰি দিব লাগে। লগতে বৰ চাহাবৰ দৰকাৰী বস্তুবোৰ যতনাই দিয়া কামবোৰ। তাই বৰ চাহাবৰ ওচৰলৈ যাবলৈ হে কিবা ভয় ভয় লাগে। বৰ চাহাবে কেতিয়াবা তাইক গা-মালিচ কৰোৱাই বা পিন্ধা। জোতাযোৰ পলিচ কৰোৱায়। কামবোৰ ভালকৈ কৰিব নোৱাৰিলে ধমকি দিয়ে তাইৰ ভয়তে জীউ উৰি যোৱা যেন লাগে। কেতিয়াবা আক’ কিবা বস্তু বৰ চাহাক দিব গ'লে হাততে খামুচি ধৰে তাইৰ বৰ ভয় লাগি যায়। ভয়ে-দুখে কাম এৰি দিয়াৰ কথা ভাবে। কিন্তু আকৌ মাকৰ শুকাই যোৱা মুখখন মনত পৰি সকলো কৰি যায়। সিদিনা মাকে তাইক বৰ কাতৰ ভৰা চাৱনিৰে কৈছিল “তুই হামি নাই ৰহলেও ত’ৰ নিজ কৰম কৰকে যাবি মাই। হামি আৰু নাই থাকব’ বচন্তি নাই থাকব'.."

 সেইদিনাই শেহৰাতিলৈ মাকজনী গুছি গৈছিল বচন্তিক এৰি। তাই হিয়া ঢাকুৰি কান্দিছিল। সেইদিনটোতো বাপেক ঘৰত নাছিল মদ খাই ক'ৰবাত পৰি আছিল।

 মানুহজনী নাইকিয়া হল বাপেকৰ সেইখিনি খবৰ নাছিল পিছদিনাও মদ খাবলৈ পইচা বিচাৰি বচন্তিক গালি গালাজ কৰিছিল। দুখে শুকে বাট নেদেখা বচন্তি ভাঙি পৰিল। মাকে এৰি যোৱা পৰা নিঠৰুৱা হৈ পৰা বচন্তিক লক্ষ্মণে সাহ দিছিল। লক্ষ্মণৰ সাহতে জী উঠিছিল বচন্তি। বাপেকৰ আব্দাৰ পূৰ কৰিবলৈকে বৰ চাহাবৰ বাংলাত পুনৰ কাম কৰিব গৈছিল বচন্তি।

 ৰান্ধনী হৰি কাই দুদিনমান চুটি লৈ ঘৰলৈ গ'ল। সেইবাবে এই কেইদিন বৰ চাহাবৰ পছন্দৰ ৰন্ধা বঢ়া কাম বচন্তিয়ে কৰিব লগা হৈছে। হৰি কাইৰ পৰাই তাই ৰন্ধা কামবোৰ শিকি ল'লে। দিনৰ সাজ ৰান্ধি আবেলিতে ৰাতিৰ সাজ ৰান্ধি তাই ঘৰলৈ গুছি আহে। কিন্তু সেইদিনা বতৰতো গোমা কৰি থকাত তাই গধূলিৰ সাজ ৰান্ধিব লওঁতে বৰ বাবুয়ে তাইক মাতি ক'লে “এতিয়াই ৰান্ধি থব নালাগে, ৰাতি আৰু দুজনমান মানুহ আহিব, দেৰিকৈ ৰান্ধিবি।” তাই উপায়বিহীন হৈ হব চাহাব বুলি

কলে। চাহাবৰ নিৰ্দেশ অমান্য কৰাৰ ধৃষ্টতা সিহঁতৰ নাই। বৰ চাহাবক না কোৱাৰ পৰিণতি কি দেখিছে সিহঁতে।

অৰ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড