পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৬

 গধূলিলৈ আৰু দুজন বেলেগ বাগানৰ চাহাব আহিল বৰ বাবুৰ বাংলোলৈ। তাই বৰ চাহাবে নিৰ্দেশ দিয়া মতে ৰন্ধা বঢ়া কৰি খোৱা ঘৰৰ ডাঙৰ হল ঘৰটোত সজাই ৰাখিলে।

 বিলাটি সুৰাৰ ৰাগীত তিনিওজন ইতিমধ্যে ৰিমৰিমিয়া হৈ পৰিছে। তাই ভয়ে ভয়ে তেওঁলোকক ৰাতিৰ আহাৰ হ'ল বুলি জনালে।

 তাইক দেখি তিনিও জনৰ চকু তাইৰ আটিল দেহত নিবদ্ধ হৈ ৰল। ৰ চাহাবে তাইক ওচৰলৈ মাতিলে। তাই ভয়ে ভয়ে হাতেৰে চুন্নীখন খামুছি বৰ বাবুৰ ওচৰলৈ গৈ ৰ'ল। বৰ বাবুয়ে “আৰে, বচন্তি আজি তোক বৰ ধুনীয়া লাগিছে আৰু তই বৰ ধুনীয়া ৰান্ধিবও শিকিলি” বুলি হাত এখন ধৰি গাৰ কাষলৈ টানি মেৰিয়াই ধৰিলে। বৰ বাবুৰ আনখন হাতত সুৰাৰ গিলাচ। ঘটনাৰ আকস্মিকতাত আৰু সাম্ভাব্য বিপদৰ গুন্ধ পায় তাই “বৰ বাবু কি কৰিছে, কি কৰিছে মোক এৰি দিয়ক” বুলি চিঞৰি উঠিল।

 “কি কৰিছো তোক ধৰিছোঁ হে” বুলি কুটিল হাঁহি এটা মাৰিলে বৰ বাবুয়ে। এইবাৰ তেওঁ তাইক জপতিয়াই দুইখন হাতেৰে কঁকালত মেৰিয়াই ধৰি কুটিল চাৱনিৰে কবলৈ ধৰে.. “তই আজি আমাৰ সবৰে দিল খোচ কৰি দে, তোক মালা-মাল কৰি দিম। বাগানত কাম কৰি, বাংলাত ভাত ৰান্ধি নকটোৱাকৈ তই জীৱন কটাব পাৰিবি।”

 বৰ চাহাবৰ কথাত বাকীকেইজনেও গীৰ্জনি হাঁহিৰে সহযোগ কৰিলে।

 ছিঃ শুনিছিল তাই এই বৰ বাবু নিষ্ঠুৰ , দানৱ লগতে ইমান ঘৃণনীয় আজি নিজে দেখা পাইছে তাই।

 তাই গাৰ বল প্ৰয়োগ কৰি বৰ বাবুৰ বন্ধনৰ পৰা মুক্ত হব বিচাৰিলে। প্ৰথমে হাতযোৰ তাৰ পিছত কাকুতি মিনতি। কিন্তু একো নৰজিল। তাইৰ ষোল্ল বছৰীয়া অসূৰ্য্যস্পৰ্শা নিটোল শৰীৰৰ ওপৰত জপিয়াই পৰিল তিনি মঙহ লুভী মুখা পিন্ধা হিংস্ৰ দানৱ।

 নিমিষতে সকলো সপোন থানবান হৈ গল বচন্তিৰ। কুঁচি মুচি হৈ বহি ৰল বৃহৎ হল ঘৰটোৰ এটা চুকত। বৰবাবুয়ে এইবাৰ তাইলৈ তাইৰ কলপাত ফটাদি চিৰিলি চিৰিলি কৈ ফটা চুৰিদাৰযোৰ দলিয়াই দি ধমকিৰ সুৰত কলে -“কথাবোৰ যাতে তোৰ মাজতে থাকে। কথা বাঢ়িলে এইটো দেখিছ নহয়, (দুনলীয়া বন্দুকটো তাইলৈ টোৱাই) ইয়াত থকা গুলিবোৰ সব শেষ হব।” বুলি তাইক ভাবুকি দিলে।

 বৰচাহাবে গুলি মাৰিলেও-নামাৰিলেও তাইৰ অন্তৰাত্মাৰ মৃত্যু ঘটিছে, তাইৰ মাকৰ সপোনৰ মৃত্যু ঘটিছে, তাইৰ নিজস্বতাৰ মৃত্যু ঘটিছে। সিহঁত সৰু মানুহ সেইবুলি সিহঁতৰো জানো ইজ্জত নাই। কি কৰিব কোনখন মুখ লৈ কাৰ ওচৰলৈ যাব তাই.. আছেনো কোন তাইৰ, বুকুৰ বিননি শুনিবলৈ। মাকজনীয়েও এৰি গল তাইক সৰি পৰা চকুলোৰে বাট নেদেখা বচন্তি কুঁচি মুচি হৈ হলঘৰতোৰ চুকতে বহি ৰয়।

 পিছদিনা বনজুইৰ দৰে কথাটো গোটেই সুন্দৰপুৰ বাগানত বিয়পি পৰিল। এক চেপা উত্তেজনা বিৰাজ কৰিছে বাগানত। শ্ৰমিক সকলে কলঘৰ সকলো কাম কাজ আৰু পাততোলা বন্ধ কৰিছে। আনকি মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰিছে। আৰু কিমান অন্যায়, অবিচাৰ সহিব সিহঁতে আৰু কিমান শোষণৰ বলি হব সিহঁত আৰু কিমানজনী বচন্তিয়ে হেৰুৱাব লাগিব নিজৰ ইজ্জত। তুলি দিব লাগিব নিজক একোটা ভোগৰ সামগ্ৰীৰূপে। সকলো সপোনৰ বলি দিব লগা হোৱা বচন্তিয়ে সহিব নোৱাৰিলে নিজৰ ইজ্জত হেৰুৱাৰ মনোবেদনা, নোৱাৰিলে তাইৰ অন্তৰাত্মাৰ মৃত্যু ঘটি জী উঠিবলৈ। নোৱাৰিলে তাই মাকৰ সপোন পূৰাব, এই কন্টকময় পৃথিৱীখন এখন সুন্দৰ পৃথিৱী কৰি তুলিবলৈ। তাইৰ সপোনক যে তিনিটা মঙহ লোভী কুকুৰনেচীয়াই নেফানেফ কৰি থৈ গল। আৰু ভাবিব নোৱাৰিলে তাই; বাংলোৰ পিছপিনৰ বেলকনিৰ ফেনখনত স্বাসৰূদ্ধ হৈ ওলমি ৰল তাইৰ সকলো সপোন, সকলো আশা..

 “দোষিক শাস্তি দিয়ক, আমাক ন্যায় লাগে ,এনে অন্যায় শোষণ আৰু নচলিব আদি” শেগান দি শ্ৰমিক সকলে বাংলো ঘেৰাও কৰি ৰাখিছে। সুন্দৰপুৰ বাগানৰ বৰচাহাবৰ আজি বাগানৰ শ্ৰমিক সকলৰ ৰুদ্ৰমূৰ্তি দেখি ওলাই আহিবলৈ সাহ হোৱা নাই। বাংলোৰ ভিতৰত পাইচাৰি কৰি আছে। আনকি নিৰাপত্তাৰক্ষীৰ কোনো লোককে সুন্দৰপুৰ বাগানলৈ সোমাব দিয়া নাই আজি শ্ৰমিক সকলে। এক যুদ্ধংদেহি মনোভাৱেৰে হাতে হাতে ধনু কাঁ‌ৰ লৈ শ্ৰমিক সকলে আজি ক্ষোভৰ বহিপ্ৰকাশ কৰিছে।

 আজি বচন্তিৰ দেউতাকৰ হাততো ধনু কাঁ‌ৰ। ন্যায় লাগে তেওঁকো জীয়েকৰ ওপৰত হোৱা আৰু গোটেই সুন্দৰপুৰ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড